ETV Bharat / state

বনবিষয়া সম্পত্তিৰ তথ্য বিচাৰি বকলীয়াঘাটত দুৰ্নীতি নিবাৰক শাখা - অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখা

কাৰ্বি আংলঙৰ বন বিভাগৰ মুখ্য বন সংৰক্ষক অভিজিত ৰাভাৰ সীমাহীন সম্পত্তিৰ অভিযোগত কিছুদিন পূৰ্বে অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাই বিষয়াগৰাকীৰ গুৱাহাটী আৰু ডিফুস্থিত কাৰ্যালয় আৰু বাসভৱনত তালাচী চলাইছিল ৷ বুধবাৰে পুনৰ বকলীয়াঘাটৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা বন বিভাগৰ কনিষ্ঠ সহায়ক ৰিকি কেওঁটৰ পিতৃগৃহত তালাচী চলায় তদন্তকাৰী দলটোৱে ৷

দুৰ্নীতি নিবাৰক শাখা
দুৰ্নীতি নিবাৰক শাখা
author img

By

Published : Feb 12, 2020, 11:37 PM IST

ডিফু,১২ ফেব্ৰুৱাৰীঃ কাৰ্বি আংলঙৰ বন বিভাগৰ মুখ্য বন সংৰক্ষক অভিজিত ৰাভাৰ সীমাহীন সম্পত্তিৰ অভিযোগত কিছুদিন পূৰ্বে অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাই বিষয়াগৰাকীৰ গুৱাহাটী আৰু ডিফুস্থিত কাৰ্যালয় আৰু বাসভৱনত তালাচী চলাইছিল ৷ বুধবাৰে পুনৰ বকলীয়াঘাটৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা বন বিভাগৰ কনিষ্ঠ সহায়ক ৰিকি কেওঁটৰ পিতৃগৃহত তালাচী চলায় তদন্তকাৰী দলটোৱে ৷ প্ৰায় এঘণ্টাজুৰি চলোৱা অভিযানত মহিলাগৰাকীৰ বাসগৃহৰ পৰা কি তথ্য লাভ কৰিলে সেয়া তদন্তকাৰী দলটোৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰাৰ পৰা বিৰত থাকে ৷ দুৰ্নীতি নিবাৰক শাখাৰ এই অভিযানৰ বিষয়ে বকলীয়াঘাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

বকলীয়াঘাটত দুৰ্নীতি নিবাৰক শাখা

উল্লেখ্য যে,পি চি চি এফ অভিজিৎ ৰাভা তদন্তৰ সন্মুখীন হোৱাৰ পিছত বিষয়াগৰাকীৰ অপকৰ্মৰ মুখা খোল খোৱাৰ সমান্তৰালকৈ উক্ত মহিলা কৰ্মচাৰী গৰাকীৰ কথায়ো চৰ্চা লাভ কৰিছে ৷ ৰাভাৰ বিপুল পৰিমাণৰ ক'লা ধন এইগৰাকী মহিলা কৰ্মচাৰীৰ জৰিয়তে লেনদেন হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ কাৰ্বি আংলঙৰ বন বিভাগৰ পশ্চিম সংমণ্ডলত কৰ্মৰত কৰ্মচাৰী গৰাকীক ডেপুটেছনত পি চি চি এফৰ পৰা বদলি কৰা হৈছিল বুলি এক সূত্ৰই সদৰি কৰে ৷ উক্ত দৃষ্টিকোণৰ পৰা মহিলা গৰাকী শীৰ্ষ বনবিষয়া গৰাকীৰ দুৰ্নীতিৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সাঙোৰ খাই পৰা সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ অভিযানকাৰী দলটোৱে গুৱাহাটীৰ পৰা লৈ অহা ৰিকি কেওঁটক পুনৰ গুৱাহাটীলৈ লৈ যায় ৷ আনহাতে,প্ৰয়োজন সাপেক্ষে মহিলা কৰ্মচাৰী গৰাকীৰ বাসগৃহত অভিযান চলোৱাৰ সম্ভাৱনা আছে বুলি অভিযানকাৰী দলটোৱে জানিবলৈ দিয়ে ৷

লগতে চাওকঃবঙাইগাঁৱত বিদ্যুতস্পৃষ্ট হৈ দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.