ETV Bharat / state

উমৰাংচুত অব্যাহত উত্তেজনাঃ এতিয়াও সন্ধানহীন অভিযন্তাসহ চাৰিজন - এনডিআৰএফ

উমৰাংচুত জলবিস্ফোৰণৰ ফলত পানীৰ সোঁতত উটি যোৱা চাৰিজন লোক এতিয়াও সন্ধানহীন হৈ আছে । সমগ্ৰ অঞ্চলটোত এতিয়াও কমা নাই পানীৰ স্তৰ ।

কপিলী জলবিদ্যুৎ প্ৰকল্প
author img

By

Published : Oct 9, 2019, 6:25 PM IST

Updated : Oct 9, 2019, 6:35 PM IST

ডিমা হাচাও, 9 অক্টোবৰঃ উমৰাংচুত সংঘটিত হোৱা জলবিস্ফোৰণৰ ফলত বৰ্তমানেও সন্ধানহীন হৈ আছে চাৰিগৰাকীকৈ লোক ৷ বৰ্তমানেও অঞ্চলটোত কমা নাই জলস্তৰ ৷ নিপকোৰ পাৱাৰ হাউচৰ লগতে বহুকেইটা ঘৰ এতিয়াও পানীৰ তলতে আছে ৷

বান্ধৰ তিনিখনকৈ গেট ইতিমধ্যেই মুকলি কৰি দিয়া হৈছে ৷ কিন্তু পানীৰ স্তৰলৈ লক্ষ্য কৰি কপিলী নৈৰ নিম্নস্তৰত যিকোনো মুহূৰ্ততে ভয়ংকৰ জলপ্ৰলয় হোৱাৰ আংশকা কৰা হৈছে ৷

ঘটনাস্থলীৰ দৃশ্য

অধিক পঢ়কঃ উমৰাংচো কপিলী পাৱাৰ হাউচত বৃহৎ অঘটনঃ এজন অভিযন্তা সহ চাৰিজন সন্ধানহীন

উল্লেখ্য যে, প্ৰকল্পটো মেৰামতিৰ বাবে 200 কোটিৰ অনুদান দাবী কৰিছিল কেন্দ্ৰীয় চৰকাৰক ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা নাছিল কোনো আৰ্থিক অনুদান ৷ যাৰ বাবে মেৰামতিৰ অভাৱত 2014 চনৰ পৰাই অৱহেলিত হৈ পৰি আছিল প্ৰকল্পটো ৷

7 তাৰিখ অৰ্থাৎ সোমবাৰে ৰাতিপুৱাৰ ভাগত সংঘটিত হোৱা জলবিস্ফোৰণৰ ফলত সন্ধানহীন হৈছিল এগৰাকী অভিযন্তাসহ চাৰিগৰাকী কৰ্মচাৰী ৷ কিন্তু ঘটনাৰ দুদিন পাচটো সন্ধান ওলোৱা নাই আটাইকেইগৰাকী কৰ্মচাৰীৰ ৷ ইতিমধ্যে ত্ৰিপুৰাৰ পৰা এন ডি আৰ এফ আৰু হোজাইৰ পৰা এছ ডি আৰ এফৰ দল গৈ ঘটনাস্থলীত উপস্থিত হৈছে ৷ আনহাতে ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাই বুধবাৰে ঘটনাস্থলী পৰিভ্ৰমণ কৰে ৷

Intro:ডিমা হাছাও ৯ অক্টোবৰ: উমৰাংচোত জল বিস্ফোৰণৰ ফলত শ শ ফুট উঠিছে জলৰ ফোয়াৰা। এতিয়া ও জলৰ স্তৰ কমা নাই যাৰ ফলত নিপকোৰ পাৱাৰ হাউচ এতিয়াও পানীৰ তলত। পানীৰ তলত পাৱাৰ হাউচৰ ওচৰে থকা বহু কেইটা ঘৰ। উমৰাং বান্ধৰ তিনিটা গেট খুলি দিয়াৰ পিছত ও জলৰ স্তৰ কমা নাই। যি কোনো মূহুৰ্তত কপিলী নৈৰ নিচৰ অংশত হব পাৰে জল প্ৰলয়।Body:এতিয়ালৈকে সন্ধানহীন প্ৰকল্প মেৰামতিৰ কামত নিয়োজিত চাৰিজন কৰ্মচাৰী। ২০১৪ চনত মেৰামতিৰ প্ৰয়োজন আছিল প্ৰকল্পটোৰ কিন্তু নিপকোৰ অৱহেলাৰ কাৰণে সংগঠিত হল এই ভয়ঙ্কৰ দুৰ্ঘটনা। সন্ধানহীন চাৰিজন কৰ্মীৰ মাজত প্ৰেমপাল বাল্মিকী জয় সিং টেরণ ৰবাৰ্ট বেইতে নিপকোৰ কৰ্মী আৰু এজন হল দক্ষিণ ভাৰতৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মী।Conclusion:উল্লেখযোগ্য সোমাবৰে ৰাতিপুয়া ৫ টা বজাত কপিলী জল বিদ্যুৎ প্ৰকল্পৰ জল পৰিবাহী টানেল ভাঙি জল বিস্ফোৰণ হওয়ার পিছত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজৰ অভিযোগ অবৈধ কয়লা খননৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংগঠিত হৈছে। উমৰাংচো নিপকোৰ সূত্ৰই জানিব পৰা গৈছে সন্ধানহীন চাৰিজন কৰ্মীক এতিয়া উদ্ধাৰ কৰিব পৰা নাই ত্ৰিপুৰাৰ পৰা এনডিআরএফ আৰু হোজাইৰ পৰা এছডিআরএফৰ দল আহি পাইছে কিন্ত জলৰ স্তৰ বৃদ্ধি পোৱাৰ কাৰণে উদ্ধাৰ কামত বিলম্ব হৈছে। ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত অমিতাভ ৰাজখোয়া নিপকো পাৱাৰ হাউচত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ কয় এতিয়াও জলৰ স্তৰ কমা নাই যাৰ কাৰণে সন্ধানহীন চাৰিজন কৰ্মীক উদ্ধাৰ কৰা এতিয়ালৈকে সম্ভৱ হোৱা নাই।
Last Updated : Oct 9, 2019, 6:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.