ডিমা হাছাও,7 জুন : ডিমা হাছাও জিলাৰ ডিটেকচৰাৰ পৰা সোমবাৰে এ এইচ পি চি উগ্ৰপন্থী সংগঠনৰ দুই লিংকমেনক আটক কৰে ডিমা হাছাও আৰক্ষীয়ে ৷ গোপন সূত্ৰৰ খবৰ অনুসৰি, উগ্ৰপন্থী সংগঠনটোৰ লিংকমেন দুজনে ডিমা হাছাও জিলাৰ ডিটেকচৰাত ধন দাবীৰ বাবে বাহৰ পাতিছিল ।
এই খবৰৰ ভিত্তিত ডিমা হাছাও আৰক্ষীয়ে সোমবাৰে এক অভিযান চলাই মাৰ পিপ’লচ কনভেনশ্যন উগ্ৰপন্থী সংগঠনৰ লিংকমেন দুজনক আটক কৰে । সম্প্ৰতি আটকাধীন লিংকমেন দুজনক জেৰা অব্যাহত ৰখা বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে ৷
লগতে পঢ়ক : পৰকীয়া প্ৰেমৰ বাবেই নিজ সন্তানক হত্যা এগৰাকী মাতৃৰ