ETV Bharat / state

Tribute to Kalaguru : ৰাভা দিৱস উপলক্ষে কৃষক, বনুৱাক সম্বৰ্দ্ধনা - 55th death anniversary

কাৰ্বিভূমিত ব্যতিক্ৰমী ৰূপত ৰাভা দিৱস উদযাপন ৷ কাৰ্বি পাহাৰৰ খেতিয়ক-বাঢ়ৈক সম্বৰ্দ্ধনা জনাই এক বিৰল দৃষ্টান্ত দাঙি ধৰে ৷

Tribute to Kalaguru at Karbi Anglong in Different Way
ৰাভা দিৱসৰ উপলক্ষে কৃষক, বনুৱাক সম্বৰ্দ্ধনা
author img

By

Published : Jun 20, 2023, 8:50 PM IST

ৰাভা দিৱসৰ উপলক্ষে কৃষক, বনুৱাক সম্বৰ্দ্ধনা

কলিয়াবৰ/হাফলং, 20 জুন : আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 55 তম মৃত্যু বাৰ্ষিকী ৷ ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানসহ দল সংগঠনে পালন কৰিছে ৰাভা দিৱস ৷ ইয়াৰ মাজতে কাৰ্বি-পাহাৰত হালোৱা-হজুৱা, কৃষক-বনুৱাৰ বলিষ্ঠ কণ্ঠ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক ব্যতিক্ৰমী পদক্ষেপেৰে স্মৰণ কৰে ৷

কলাগুৰুক স্মৰণ কৰিবলৈ আয়োজন কৰা গতানুগতিক আয়োজনৰ বিপৰীতে কলিয়াবৰৰ সমীপৱৰ্তী কাৰ্বি-আংলং জিলাৰ এখন বিদ্যালয়ত এক ব্যতিক্ৰমী আয়োজনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ চুচেনধেণ্টা কাৰ্বি স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টিৰ ৰঙাগৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীয়ে সৰ্বহাৰা নিষ্পেষিত জনতাৰ প্ৰতিনিধিজনক সোঁৱৰিবলৈ এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷

সেয়েহে বিদ‍্যালয়ৰ তৰফৰ পৰা কাৰ্বি পাহাৰৰ খেতিয়ক-বাঢ়ৈক সম্বৰ্দ্ধনা জনাই এক বিৰল দৃষ্টান্ত দাঙি ধৰে ৷ পথাৰত হালত ব্যস্ত খেতিয়কক বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱসত সম্বৰ্দ্ধনা জনোৱাৰ লগতে স্থানীয় এগৰাকী বাঢ়ৈক কৰ্মস্থলীতে সম্বৰ্ধনা জনাই বিদ‍্যালয়খনৰ কৰ্তৃপক্ষই ৷ এনে পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক শ্ৰমৰ মৰ্য‍্যাদা বুজাত সহায়ক হ'ব বুলি বিদ‍্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে আশা প্ৰকাশ কৰিছে ৷

ইফালে সমগ্ৰ ৰাজ্যৰ লগতে সংগতি ৰাখি 19 আৰু 20 জুনত ডিমা হাছাও জিলাত জিলা প্ৰশাসনৰ উদ্যোগত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিৱস বিভিন্ন অনুষ্ঠানৰ জৰিয়তে উদযাপন কৰা হয় ৷ এইবাৰ ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যজুৰি বিদ্যালয়সমূহত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ 55 সংখ্যক মৃত্যু দিৱস উদযাপন কৰা হয় ৷

ডিমা হাছাও জিলাৰ 11 খন বিদ্যালয়ত সোমবাৰ আৰু মঙলবাৰে শ্ৰদ্ধাৰে স্মৰণ কৰা হয় কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক ৷ জিলাৰ এই বিদ্যালয়সমূহত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে ৷ বিদ্যালয়সমূহত ৰাভা দিৱসৰ লগতে সংগতি ৰাখি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ ওপৰত আলোচনা সভাৰ লগতে ৰাভাৰ জীৱনৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা আৰু সংগীত প্ৰতিযোগিতা দৰে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰে ৷

লগতে পঢ়ক: Kalaguru Bishnu Prasad Rabha: ৰাভা দিৱস উপলক্ষে মঙলবাৰে ৰঙিয়াত 'অযান্ত্ৰিক' নামৰ এদল চিত্ৰশিল্পীৰ ব্যতিক্ৰমী পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.