ETV Bharat / state

ডিমা হাছাওত ৰেল বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ - dima hasao

মঙলবাৰ দিনৰ ভাগত দিহাকু ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টৰ,ৰেল আৰক্ষীৰ এগৰাকী জোৱান আৰু ৰেল বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে মিলি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে ৷ সম্প্ৰতি তিনি গৰাকী অভিযুক্ত পলাতক হৈ আছে ৷

three raliway employees aginest gang rap alligation at dima hasao
ডিমা হাছাওত তিনি গৰাকী ৰেল বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ
author img

By

Published : Sep 10, 2020, 3:50 PM IST

ডিমা হাছাও,10 ছেপ্টেম্বৰঃ ডিমা হাছাও জিলাত এগৰাকী 9 বছৰীয়া শিশুক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে তিনি গৰাকী ৰেল বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে । সমগ্ৰ ঘটনাক কেন্দ্ৰকৰি সম্প্ৰতি ডিমা হাছাও জিলাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে, এই জঘন্য ঘটনা সংঘতিত হৈছে ডিমা হাছাও জিলাৰ দিহাকু ৰেল ষ্টেচনৰ সমীপত থকা দাওট্ৰেক তৃতীয় খণ্ড গাঁৱত। লাংটিং আৰক্ষী পৰা জানিব পৰা অনুসৰি মঙলবাৰ দিনৰ ভাগত দিহাকু ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টৰ,ৰেল আৰক্ষীৰ এগৰাকী জোৱান আৰু ৰেল বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে মিলি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে । সম্প্ৰতি তিনি গৰাকী ৰেল কৰ্মচাৰী পলাতক হৈ আছে বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে,দিহাকু এনে এক স্থানত অৱস্থিত যত গাড়ী চলাচলৰ বাবে কোনো পথ নথকাৰ লগতে মুপাৰ পৰা ৰেল পথে দি খোজকাঢ়ি যাব লাগে দিহাকু ষ্টেচনলৈ ।

ডিমা হাছাওত তিনি গৰাকী ৰেল বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ

মঙলবাৰে উক্ত ঘটনাৰ খবৰ পাই ৰাতি মাইবঙৰ পৰা ডিমাচা ছাত্ৰ সন্থাৰ সদস্য আৰু আৰক্ষীৰ দল উপস্থিত সমগ্ৰ ঘটনাৰ বুজ লয় । ইপিনে লাংটিং আৰক্ষী থানাত এই ধৰ্ষণৰ ঘটনা বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। বুধবাৰে নিশা 9 বছৰীয়া শিশু গৰাকীক হাফলং অসামৰিক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে ৷

ইপিনে 9 বছৰীয়া শিশু গৰাকীক ধৰ্ষণৰ ঘটনাৰ পিছত এতিয়া ডিমাচা নেচনেল লিবাৰেচন আৰ্মি চুমুকৈ (ডি এন এল এ) উগ্ৰপন্থী সংগঠনে সকীয়নি প্ৰদান কৰে ধৰ্ষণ কাণ্ডৰ লগত জড়িত তিনি গৰাকী ৰেল কৰ্মচাৰী গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ডিমাচা ছাত্ৰ সন্থা গতাই দিবলৈ ৷ সম্প্ৰতি এই বিষয়কলৈ যদি ৰাজ্য চৰকাৰ আৰু ডিমা হাছাও আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অশান্ত হৈ পৰিব ডিমা হাছাও জিলা বুলি সকীয়নি প্ৰদান কৰে ৷ ইয়াৰ লগতে পাহাৰীয়া জিলাখনত এটাও ৰেল ষ্টেচন নাথাকিব আৰু ষ্টেচনতে গৈ ৰেল কৰ্মচাৰী সকলক মাৰ ধৰ কৰা হ’ব বুলি ডি এন এলে ভিডিঅ বাৰ্তা যোগে ভাবুকি প্ৰদান কৰে ।

লগতে পঢ়কঃ অনুষ্টুপীয়া কাৰ্যসূচীৰে বৰপেটাত নন্দোৎসৱ পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.