ETV Bharat / state

দ্য ব্লেছিং হাট: বিনামূলীয়া সামগ্ৰীৰ এখন দোকান

author img

By

Published : Jun 5, 2021, 12:52 PM IST

ডিমা হাছাওৰ এন লেইকুল গাঁৱত আছে এখন ব্যতিক্ৰমী দোকান । খাদ্য সামগ্ৰীকে ধৰি প্ৰয়োজনীয় সকলো সামগ্ৰী উপলব্ধ এই দোকানখনত । কিন্তু এই সামগ্ৰী লোৱাৰ বাবে গ্ৰাহকে পৰিশোধ কৰিব নালাগে ধন । বিনামূলীয়াকৈ প্ৰয়োজনীয় সামগ্ৰী লৈ যাব পাৰে গ্ৰাহকে ।

The blessing hut for poor people in Covid situation
ডিমা হাছাওৰ এন লেইকুল গাঁৱৰ দ্য ব্লেছিং হাট

ডিমা হাছাও,৫ জুন: কৰ'ণা মহামাৰীৰ বাবে সৃষ্টি হোৱা সংকটৰ সময়ত দৰিদ্ৰ পৰিয়ালৰ সুবিধাৰ্থে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে ডিমা হাছাওৰ এন লেইকুল গাঁৱৰ ইয়ুথ ক্লাবে । হাফলঙৰ পৰা ১২ কিল’মিটাৰ নিলগত কুকি জনগোষ্ঠী অধ্যুষিত এন লেইকুল গাঁৱত ইয়ুথ ক্লাবে খুলিছে এখন বিশেষ দোকান ।

দোকানখনৰ নাম দিয়া হৈছে দ্য ব্লেছিং হাট । দৰিদ্ৰ পৰিয়ালৰ সহায়ক হোৱাকৈ খোলা এই দোকানখনে এতিয়া চৰ্চা লাভ কৰিছে । কিয়নো দোকানখনৰ সকলো বস্তু বিনামূলীয়া । গ্ৰাহকে বিনামূলীয়াকৈ প্ৰয়োজনীয় সামগ্ৰী লৈ যাব পাৰে । মহামাৰী সৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে ইয়ুথ ক্লাবে ।

The blessing hut

এন লেইকুল ইয়ুথ ক্লাবৰ সদস্য পাইছিয়েম চিংসনে কয় যে, সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি গাঁৱৰ দৰিদ্ৰ পৰিয়ালক সহায় কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । তেওঁ জানিবলৈ দিয়া মতে, দিন-হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া দৰিদ্ৰ লোকসকলে কৰ'ণা মহামাৰীৰ বাবে জাৰি কৰা সান্ধ্য আইনৰ বাবে ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে আৰু তেওঁলোকে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

সেয়ে, ইয়ুথ ক্লাবে দৰিদ্ৰ লোকসকলৰ বাবে দ্য ব্লেছিং হাট নামৰ দোকানখন খুলিছে । পাইছিয়েম চিংসনে জনোৱা মতে, দ্য ব্লেছিং হাটত যিকোনো লোকেই নিজৰ অপ্ৰয়োজনীয় সামগ্ৰী জমা দি প্ৰয়োজনীয় সামগী লৈ যাব পাৰে ।

আনহাতে, দৰিদ্ৰ লোকসকলে বিনামূলীয়াকৈ প্ৰয়োজনীয় সামগ্ৰী লৈ যাব পাৰে । যোৱা ২৫ মে' গাৱঁত দ্য ব্লেছিং হাট নামৰ দোকানখন উদ্বোধন কৰা হয় । এই প্ৰতিষ্ঠানত গাঁৱৰ বহু লোকে শাক-পাচলি, ফলমূল আদিকে ধৰি বিভিন্ন সামগ্ৰী দান কৰিছে বুলি জানিবলৈ দিয়ে এন লেইকুল ইয়ুথ ক্লাবৰ সদস্য পাইছিয়েম চিংসনে ।

লগতে পঢ়ক: কৰিমগঞ্জত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.