ETV Bharat / state

সাপ্তাহিক লকডাউন : হাফলংত চৰকাৰী নীতি নিৰ্দেশিকা উলংঘা - ক’ভিড-19

হাফলংত চৰকাৰী নীতি নিৰ্দেশিকা উলংঘা ৰাইজৰ ৷ ডিমা হাছাও জিলাখনত নামি আহিছে কৰ’ণাৰ গণসংক্ৰমণৰ ভয়াৱহতা ৷ জিলাখনত ক’ভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা 119 জনলৈ বৃদ্ধি হোৱাৰ পিছতো ৰাইজৰ মাজত সজাগতাৰ অভাৱ পৰিলক্ষিত হৈছে ।

Social Distancing : Government guidelines violated in Haflong

author img

By

Published : Jun 30, 2020, 4:37 AM IST

ডিমা হাছাও, 29 জুন: সাপ্তাহিক লকডাউনৰ পিছতেই হাফলংত চৰকাৰী নীতি নিৰ্দেশিকা অমান্য কৰি সোমবাৰে বজাৰত ওলাই আহিছে অজস্ৰ ৰাইজ ।

ক’ভিড-19 ৰ মহামাৰী ক্ৰমান্বয়ে সমগ্ৰ ৰাজ্যত ভয়াবহ ৰূপত বৃদ্ধি পাইছে । ৰাজ্যখনৰ লগতে সমান্তৰলাকৈ ডিমা হাছাও জিলাতও ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড-19 ৰোগীৰ সংখ্যা ।

ইয়াৰ পিছতো সজাগ হোৱা নাই ইয়াৰ স্থানীয় ৰাইজ । হাফলং চহৰৰ বজাৰত সোমবাৰে প্ৰতিফলিত দৃশ্যই বিপদ আশংকা কঢ়িয়াই আনিছে । ৰাইজ সজাগ নহ’লে সামাজিক সংক্ৰমণ সম্ভাৱনাই দেখা দিব পাৰে জিলাখনত ৷ ডিমা হাছাও জিলাত ক’ভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা 119 জনলৈ বৃদ্ধি হোৱাৰ পিছতো ৰাইজৰ মাজত সজাগতাৰ অভাৱ পৰিলক্ষিত হৈছে ।

হাফলংত চৰকাৰী নীতি নিৰ্দেশিকা উলংঘা

শনিবাৰ আৰু দেওবাৰ দুদিন লক্ ডাউনৰ পিছত সোমবাৰে বজাৰ দোকান পোহৰ খোলাৰ পিছত হাফলং বজাৰত সামাজিক দূৰত্বৰ নীতি-নিময় উলংঘা কৰি বহু লোকে বজাৰত ভিৰ কৰে ।

ক’ভিড-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৰাইজক সজাগ কৰাৰ বাবে বিভিন্ন পদক্ষেপ লোৱাৰ পিছতো একাংশ ৰাইজে চৰকাৰী নীতি নিৰ্দেশিকা অমান্য কৰি আহিছে । বজাৰত অহা সৰহ সংখ্য়ক লোকেই সামাজিক দূৰত্ব মানি চলা পৰিলক্ষিত নহ’ল ৷

লগতে চাওক-এফালে বানৰ ৰুদ্ৰমূৰ্তি আনফালে কোভিড আতংকঃ প্ৰকৃতিৰ ৰোষত ৰাজ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.