ETV Bharat / state

বিজেপিয়ে জাতি-জনগোষ্ঠীৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰিছেঃ আৰ পি শৰ্মা - ৰাজনৈতিক দলৰ নেতাৰ মাজত বাকযুদ্ধ

নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী অব্যাহত থকাৰ মাজতে ৰাজনৈতিক দলৰ নেতাৰ মাজত বাকযুদ্ধ । বিজেপিয়ে জাতি-জনগোষ্ঠীৰ স্বাৰ্থক উপেক্ষা কৰি কাম কৰি আছে বুলি অভিযোগ উত্থাপন কৰিলে প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা আৰ পি শৰ্মাই । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চিইএম দেৱলাল গাৰ্লচাকো তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

বিজেপিয়ে জাতি-জনগোষ্ঠীৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰিছেঃ আৰ পি শৰ্মা

author img

By

Published : Feb 10, 2021, 4:33 PM IST

ডিমা হাছাও,১০ ফেব্ৰুৱাৰী: বিধানসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত শাসকীয় দল বিজেপিৰ কাম-কাজক লৈ ক্ষুৰধাৰ সমালোচনা কৰিলে প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা আৰ পি শৰ্মাই । বুধবাৰে হাফলঙত এক সংবাদমেল সম্বোধন কৰি আৰ পি শৰ্মাই কয় যে,'বিজেপি দলত এতিয়া অপৰাধীৰ সংখ্যা বেছি । বিজেপি দলত যোগদান কৰিলেই অপৰাধমূলক কাৰ্যৰে জড়িত নেতাসকল গংগাজলৰ দৰে পৱিত্ৰ হৈ নাযায়' ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চিইএম দেৱলাল গাৰ্লচাৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে,দেৱলাল গাৰ্লচা এজন অপৰাধী । কিন্তু আজি পৰ্যন্ত তেওঁক ৰাজ্যৰ বিজেপি চৰকাৰে অপসাৰণ কৰিব পৰা নাই বুলিও অভিযোগ উত্থাপন কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে । লগতে তেওঁ অভিযোগ তোলে যে,দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা এই বিজেপি চৰকাৰৰ শাসন কালত এতিয়া আটাইতকৈ বেছি দুৰ্নীতি সংঘটিত হৈছে ।

ডিমা হাছাও জিলাত পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰি বিজেপিয়ে জাতি-জনগোষ্ঠীৰ অধিকাৰ কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে আৰ পি শৰ্মাই । তেওঁ কয় যে,নিৰ্বাচনত ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব । আজিৰ সংবাদ মেলত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক তথা ডিমা হাছাও জিলা কংগ্ৰেছৰ দায়িত্বত থকা ড০ মানবে ৰংপি,ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচা আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সদস্য ডেনিয়েল লাংথাচা ।

লগতে পঢ়ক:অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল আমগুৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.