ডিমা হাছাও 8 মে': সন্তোষ হোজাই হত্যাকাণ্ডত জড়িতৰ অভিযোগত ডিমা হাছাও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক, সূৰ্যকান্ত মৰাণক গ্ৰেপ্তাৰৰ দাবীৰে শুকুৰবাৰে লক্ ডাউন অমান্য কৰি ৰাইজে ৰূপায়ন কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷ হাৰেংগাজাও অ'টো আস্থানৰ দিছোঁৰো পইণ্টত শতাধিক লোকে মিলি প্ৰতিবাদী কাৰ্যসূচী পালন কৰি, ভিন্ন শ্লোগানেৰে অভিযুক্ত উপ-আৰক্ষী অধীক্ষক গৰাকীৰ পুত্তলিকাও দাহ কৰে ৷
প্ৰতিবাদস্থলীত উপস্থিত থাকে সদৌ ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি উত্তম লাংথাচা ৷ সন্তোষ হোজাই হত্যাকাণ্ডৰ চিবিআই তদন্তৰ দাবীৰে এই হত্যাকাণ্ডত, উপ-আৰক্ষী অধীক্ষক জড়িত থকাৰ বহু তথ্য-প্ৰমাণ তেওঁলোকৰ হাতত আছে বুলিও উল্লেখ কৰে ছাত্ৰ নেতা গৰাকীয়ে ৷
লগতে পঢ়কঃ জন সমাগম সৃষ্টিৰে পলাশবাৰীত অগপৰ সজাগতা সমদল