ডিমা হাছাও, 13 এপ্ৰিল : ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত এগৰাকী যুৱতীৰ শ্লীলতাহানি কৰাৰ অভিযোগ উঠিছে(Women Molesting in Haflong) ৷ অভিযুক্ত যুৱতীগৰাকীয়ে হাফলং সদৰ থানাত পনদেছ চেংয়ুং নামৰ ব্যক্তিগৰাকীক অভিযুক্ত কৰি এখন এজাহাৰ দাখিল কৰিছে ৷ তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma) আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক(DGP Bhaskar Jyoti Mahanta) অভিযুক্ত ব্যক্তিগৰাকীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় ।
এই শ্লীলতাহানিৰ ঘটনাটো হাফলং চহৰৰ এন এল দাওলাগাপু খেলপথাৰৰ ওচৰত 9 এপ্ৰিল সংঘটিত হয় যদিও ঘটনাটো মঙলবাৰেহে পোহৰলৈ আহে । ভুক্তভোগী যুৱতীগৰাকীয়ে মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰি কয় যে, 9 এপ্ৰিল তেওঁ হাফলং এন এল দাওলাগাপু খেলপথাৰৰ কাষৰ পথেৰে খোজকাঢ়ি যোৱাৰ সময়ত পনদেছ চেংয়ুং নামৰ ব্যক্তিগৰাকীয়ে এখন নীলা ৰঙৰ নম্বৰবিহীন এলটো গাড়ীলৈ আহি তেওঁৰ শ্লীলতাহানি কৰি গাড়ী লৈ পলায়ন কৰে ।
যুৱতীগৰাকীয়ে সদৰি কৰা অনুসৰি পনদেছ চেংয়ুঙে হাফলং চহৰত পূৰ্বেও এনেধৰণৰ ঘটনা সংগঠিত কৰিছে । হাফলং চহৰত মহিলাসকলৰ ওপৰতে এনেকুৱা অপৰাধ আৰু শ্লীলতাহানিৰ ঘটনা বৃদ্ধি পোৱাৰ ঘটনা লৈ জিলাৰ বিভিন্ন মহিলা সংগঠনে উদ্বেগ প্ৰকাশ কৰে ৷ শক্তি মহিলা মণ্ডলৰ সভানেত্ৰী পাৰ্বতী থাওচেন আৰু দিবৰাই মহিলা সমিতিৰ মাইফল কেম্প্ৰাইয়ে মঙলবাৰে এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰি অনতিপলমে পনদেছ চেংয়ুংক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান দাবী জনায় ৷
তেওঁলোকে সংবাদমেলত জিলাখনলৈ বাহিৰৰ পৰা অহা মহিলা পৰ্যটকৰ লগতো এনে ধৰণৰ ঘটনা সংঘটিত হ’ব পাৰে বুলি সন্দেহ ব্যক্ত কৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ ইপিনে পনদেছ চেংয়ুং নামৰ ব্যক্তিগৰাকী পলায়ন কৰাত হাফলং আৰক্ষীয়ে এতিয়ালৈ অভিযুক্ত ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । আৰক্ষী অভিযুক্ত ব্যক্তিগৰাকীৰ সন্ধানত তদন্ত অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : এডিপি কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে অধ্যাপিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ