ETV Bharat / state

হাফলঙত পুনৰ মৃত্যু ক’ভিড ৰোগীৰ - corona virus

ডিমা হাছাও জিলাত ক’ভিডত আক্ৰান্ত হৈ পুনৰ এগৰাকী ৰোগীৰ মৃত্যু ৷ সোমবাৰে পুৱা হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে বন বিভাগৰ কৰ্মী ৰাজেন খানৰ ৷ জিলাখনত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 7 গৰাকীলৈ বৃদ্ধি হৈছে ৷

হাফলঙত পুনৰ মৃত্যু ক’ভিড ৰোগীৰ
হাফলঙত পুনৰ মৃত্যু ক’ভিড ৰোগীৰ
author img

By

Published : May 24, 2021, 1:55 PM IST

ডিমা হাছাও, 24 মে’: ডিমা হাছাওত দেওবাৰৰ দিনটোত ক’ভিড আক্ৰান্তৰ সংখ্যা পূৰ্বৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পায় ৷ শনিবাৰৰ দিনটোত জিলাখনত আক্ৰান্ত হৈছিল 90 গৰাকী ব্যক্তি ৷ ইয়াৰ বিপৰীতে দেওবাৰে পাহাৰীয়া জিলাখনত 42 গৰাকী লোকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে ৷

বৰ্তমান জিলাখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা 931 গৰাকীলৈ বৃদ্ধি পায় ৷ ইফালে সুস্থ হোৱা ৰোগীৰ সংখ্যা 330 গৰাকী হোৱাৰ বিপৰীতে বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে 572 গৰাকী ৷ জিলাখনৰ ভিন্ন হাস্পতালত 76 গৰাকী ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৷ ইয়াৰে 482 গৰাকী ৰোগী হোম আইচ'লেচনত থকা বুলি স্বাস্থ্য বিভাগে সদৰী কৰিছে ৷

লগতে চাওকঃ আংশিক লকডাউনে জুৰুলা কৰিছে থলুৱা কৃষকক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.