ডিমা হাছাও,28 জুলাই: হাফলঙত মঙলবাৰে এগৰাকী চিকিৎসকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে ৷ হাফলং অসামৰিক চিকিৎসালয়ত কৰ্মৰত আছিল চিকিৎসকজন ৷ জানিব পৰা মতে,দুদিন পূৰ্বে দিয়ুংমুখ চেকপোষ্টলৈ গৈছিল চিকিৎসকজন। দিয়ুংমুখৰ পৰা উভতি অহাৰ পিছত চিকিৎসকজনৰ ক'ভিড 19 পৰীক্ষা কৰোৱা হয় ৷
লগতে পঢ়কঃ অসমৰ ভূ-খণ্ডত আগ্ৰাসন অৰুণাচলৰ
মঙলবাৰে স্বাস্থ্য বিভাগে চিকিৎসকজনক ক'ভিড পজিটিভ বুলি জানিবলৈ দিয়ে। ইতিমধ্যে হাফলং অসামৰিক চিকিৎসালয়ৰ আইচলেচনত ভৰ্তি কৰোৱা হৈছে চিকিৎসকজনক । উল্লেখযোগ্য যে,এই পৰ্যন্ত ডিমা হাছাও জিলাত ক'ভিড 19 ৰোগীৰ সংখ্যা 161 গৰাকীলৈ বৃদ্ধি হৈছে। ইয়াৰ মাজতে আৰোগ্য হোৱা লোকৰ সংখ্যা 147 গৰাকী বুলি জানিব পৰা গৈছে ৷
বৰ্তমান হাফলং অসামৰিক চিকিৎসালয়ত 14 জন সক্ৰিয় কৰ'ণা ৰোগীৰ চিকিৎসা চলি আছে । আনহাতে ডিমা হাছাও জিলাৰ সদৰ হাফলংত ৰাইজে কোনো ধৰণৰ চৰকাৰী নিয়ম নীতি মানি নচলা বুলি জানিব পৰা গৈছে ৷ বজাৰত ব্যৱসায়ী সকলে চেনিটাইজাৰ ৰখাৰ লগতে মাক্স পৰিধান বাধ্যতামূলক আৰু ব্যৱসায়ী সকলে সামাজিক দূৰত্ব বর্তাই ৰাখিব লাগিব বুলিও জিলা প্ৰশাসনে এখন নিৰ্দেশনা জাৰি কৰিছিল ৷ কিন্তু ইয়াৰ পিছতো সজাগ হোৱা নাই হাফলং চহৰৰ ব্যৱসায়ী সকল।