ETV Bharat / state

ডিমা হাছাওত পথ দুৰ্ঘটনাত এগৰাকী ব্যক্তিৰ মৃত্যু

author img

By

Published : May 8, 2022, 8:19 PM IST

জিমা হাছাওৰ ডিমালিক ৰাজি অঞ্চলত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা(Road accident in Dima Hasao) । পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে(One dead in road accident in Dima Hasao) । ব'লেৰ পিকআপ ভেনৰ ব্ৰেক ফেইল হোৱাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো ।

one dead in road accident in dima hasao
ডিমা হাছাওত পথ দুৰ্ঘটনাত এগৰাকী ব্যক্তিৰ মৃত্যু

ডিমা হাছাও, ৮ মে': ডিমা হাছাওত শোকাৱহ পথ দুৰ্ঘটনা(Road accident in Dima Hasao) । দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ(One dead in road accident in Dima Hasao) । হাফলং থানাৰ অন্তৰ্গত ডিমালিক ৰাজি অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনাতো । হাফলং কৃষ্ণনগৰৰ দিশৰ পৰা অহাৰ পথত বিদ্যুৎ বিভাগৰ এখন বাহনৰ ব্ৰেক ফেইল হোৱাৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে ।

AS 27 C 4163 নম্বৰৰ ব'লেৰো পিক আপ ভেনখন নিয়ন্ত্ৰণ হেৰুৱাই আহি থকা অৱস্থাতে বাহনখনৰ পাছফালে বহি থকা কৃষ্ণ বাহাদুৰ নামৰ ব্যক্তিগৰাকীয়ে চলন্ত গাড়ীখনৰ পৰা জাঁপ দিয়ে । যাৰ ফলত কাষৰ দেৱালত খুন্দা খাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লোকজন । ততাতৈয়াকৈ স্থানীয় ৰাইজে ব্যক্তিগৰাকীক চিকিৎসালয়লৈ নিয়ে যদিও মৃত্যু হয় লোকজনৰ ।

ইফালে নিয়ন্ত্ৰণহীন বাহনখন চালকে কৌশলৰে নলাত সুমুৱাই সাম্ভাব্য ভয়াবহ বিপদৰ পৰা ৰক্ষা কৰে । এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাপ পৰিছে । মৃত কৃষ্ণ বাহাদুৰ ছেত্ৰী কৃষ্ণ নগৰৰ সম্পাদক আছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ৰাইজৰ ৰোষত তিনি গৰুচোৰ; উত্তম-মধ্যম দি গতালে আৰক্ষীক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.