ETV Bharat / state

ডিমা হাছাওত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক

author img

By

Published : Aug 3, 2020, 10:04 PM IST

ডিমা হাছাও জিলাত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰঘটনাত মৃত্যু ঘটে এগৰাকী ব্যক্তিৰ।

One Dead in Road Accident At Dimahasao
ডিমা হাছাওত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক

ডিমা হাছাও, 3 আগষ্টঃ ডিমা হাছাও জিলাত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক । এই পথ দুৰ্ঘটনাটো সংগঠিত হয় লামডিং-শিলচৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লাইলিঙত।

লাংটিং আৰক্ষী সূত্ৰে জানিব পৰা মতে, নগাঁওৰ পৰা শিলচৰ অভিমুখত যোৱা এখন এএচ-০১চিচি 2914 নম্বৰৰ টাটা মোবাইল বাহন সোমবাৰ দিনৰ ভাগত লাংটিং আৰু মাইবাঙৰ মাজত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লাইলিংত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ৷ উক্ত ঘটনাটোত থিতাতে নিহত হয় টাটা মোবাইলৰ হেণ্ডিমেন লক্ষ্মীধৰ দাস ৷ লগতে গুৰুতৰ ভাবে আহত হয় টাটা মোবাইল বাহন খনৰ চালকজন ।

ইপিনে দুৰ্ঘটনাৰ খবৰ পাই লাংটিং আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাবে আহত চালক জনক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ লগতে দুৰ্ঘটনাত মৃত্যু হোৱা লক্ষ্মীধৰ দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে হাফলং অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

লগতে পঢ়ক- কৰিমগঞ্জত দেওবাৰে কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.