ETV Bharat / state

15 দিনৰ অন্তত উদ্ধাৰ নিপকোৰ দুই কৰ্মীৰ মৃতদেহ

উমৰাংছ'ৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপলাইন বিস্ফোৰণৰ পিচতে সন্ধানহীন হৈ থকা চাৰিগৰাকী কৰ্মচাৰীৰ দুগৰাকী এতিয়াও সন্ধানহীন হৈ আছে ৷ সোমবাৰে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰে দুয়োটা মৃতদেহ ৷

নিপকোৰ কৰ্মীৰ মৃতদেহ
author img

By

Published : Oct 21, 2019, 8:04 PM IST

ডিমা হাছাও, 21 অক্টোবৰঃ অৱশেষত 15 দিনৰ অন্তত উদ্ধাৰ নিপকোৰ দুই কৰ্মীৰ মৃতদেহ ৷ এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুয়োটা মৃতদেহ । কপিলী পাৱাৰ হাউচৰ 2 নম্বৰ ফ্লোৰত মাটিৰ তলত উদ্ধাৰ হয় নিপকোৰ দুই গৰাকী কৰ্মচাৰীৰ মৃতদেহ । কিন্তু এতিয়াও সন্ধানহীন হৈ আছে নিপকোৰ আৰু দুই কৰ্মচাৰী ।

লগতে পঢ়কঃ কপিলী জলবিদ্যুৎ প্ৰকল্পত নিখোজ অভিযন্তাক উদ্ধাৰ

সোমবাৰে দিনত উদ্ধাৰ হোৱা দুয়োটা মৃতদেহ নিপকোৰ অভিযন্তা ৰবাৰ্ট বেইতে নামলাই আৰু জয়ছিং তিছোৰ বুলি জনাইছে উদ্ধাৰকাৰী বাহিনীয়ে । ৰবাৰ্টৰ ঘৰ উমৰাংছ'ত আৰু জয়ছিঙৰ ঘৰ কাৰ্বি-আংলং জিলাত বুলি জানিব পৰা গৈছে । ইতিমধ্যে দুয়োটা মৃতদেহ উমৰাংছ' আৰক্ষীক গটাই দিছে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে ।

নিপকোৰ কৰ্মীৰ মৃতদেহ

উল্লেখযোগ্য যে, বিগত 7 অক্টোবৰত সংঘটিত হোৱা কপিলী জল বিদ্যুৎ প্ৰকল্পস্থলীৰ জল পৰিবাহী পাইপ লাইন বিস্ফোৰণৰ পিচতে সন্ধানহীন হৈ আছিল নিপকোৰ 4গৰাকী কৰ্মচাৰী ৷ বিস্ফোৰণৰ কাৰণে প্ৰতি চেকেণ্ডত 12500 কিলোমিটাৰ গতিবেগত অহা পানীৰ লগতে মাটি আৰু বালিৰ চেপাত পৰি সন্ধানহীন হৈ আছিল নিপকোৰ অভিযন্তা ৰবাৰ্ট বেইতে নামলাই, জয়ছিং তিছো, ৰাজু ৰেড্ডী আৰু প্ৰেমপাল বাল্মিকী নামৰ চাৰি গৰাকী কৰ্মচাৰী ।

লগতে পঢ়কঃ শ্বহীদ পদুম বাহাদুৰৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ 20 লাখ টকাৰ সাহায্য

অৱশেষত 15 দিনৰ অন্তত আজি দুই গৰাকী কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে ৷ উদ্ধাৰকাৰী দলে সন্ধানহীন আৰু দুই কৰ্মচাৰীৰ উদ্ধাৰৰ ভাবে অভিযান অধিক তীব্রতৰ কৰি তুলিছে ।

Intro:ডিমা হাছাও 21 অক্টোবৰ: অৱশেষত 15 দিনৰ মুৰত নিপকোৰ দুই কৰ্মীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে। কপিলী পাবৰ হাউচৰ 2 নম্বৰ ফ্লোৰত মাটিৰ তলত উদ্ধাৰ হয় নিপকোৰ দুই গৰাকী কৰ্মচাৰীৰ।কিন্তু এতিয়া সন্ধানহীন হৈ আছে নিপকোৰ আৰু দুই কৰ্মচাৰী। সোমবাৰে দিনত উদ্ধাৰ হোৱা দুই মৃতদেহ হল নিপকোৰ অভিযন্তা ৰবাৰ্ট বেইতে নামলাই আৰু জয়ছিং তিছো। ৰবাৰ্টৰ ঘৰ উমৰাংচোত আৰু জয়ছিং-ৰ ঘৰ হৈছে কাৰ্বি-আংলং জিলাত। ইতিমধ্যে দুটা মৃতদেহ ইতিমধ্যে উমৰাংচো আৰক্ষীৰ হাতত তুলি দিছে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে।Body:উল্লেখযোগ্য যোৱা 7 অক্টোবৰ কপিলী জল বিদ্যুৎ প্ৰকল্প স্থলীত জল পৰিবাহী পাইপ লাইন বিস্ফোৰণ হোৱাৰ কাৰণে প্ৰতি চেকেণ্ডত 12500 কিলোমিটাৰ গতিবেগত অহা পানী আৰু ইয়াৰ লগত অহা মাটি আৰু বালিৰ তলত চেপা পৰি সন্ধানহীন হৈ পৰিছিল নিপকোৰ অভিযন্তা ৰবাৰ্ট বেইতে নামলাই,জয়ছিং তিছো ৰাজু ৰেড্ডী আৰু প্ৰেমপাল বাল্মিকী নামৰ চাৰি গৰাকী কৰ্মচাৰী।Conclusion:15 দিনৰ মুৰত আজি দুই গৰাকী কৰ্মীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ মনোবল বৃদ্ধি পাইছে ইয়াৰ ফলত উদ্ধাৰকাৰী দলে সন্ধানহীন আৰু দুই কৰ্মচাৰীৰ উদ্ধাৰৰ ভাবে অভিযান আৰু তীব্রতৰ কৰি তুলিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.