ETV Bharat / state

অবৈধ কয়লা খনন বন্ধ কৰাৰ সকীয়নি ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ - Militant group warned to stop coal mining in hills district at dima hasao district of assam

ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ প্ৰচাৰ সম্পাদক ৰিংছমাই ডিমাচায় এখন প্ৰেছ বিবৃত্তিত উল্লেখ কৰে অনতিপলমে ডিমা হাছাও জিলাত অবৈধ কয়লা খনন বন্ধ কৰিব লাগিব। অন্যথা সংগঠনটোৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ ৷

অবৈধ কয়লা খনন বন্ধ কৰাৰ সকীয়নি ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ

author img

By

Published : Apr 24, 2020, 6:38 PM IST

ডিমা হাছাও 24 এপ্ৰিল: লক ডাউনৰ মাজতে কয়লাৰ ছিণ্ডিকেট অব্যাহত থকাৰ সময়তে এইবাৰ ডিমা হাছাও জিলাত অবৈধ কয়লা খনন বন্ধ কৰাৰ সকীয়নি ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মি নামৰ উগ্ৰপন্থী সংগঠনটোৰ। লক ডাউনৰ মাজতেই ডিমা হাছাও জিলাৰ উমৰাংছ' 9 কিলো এলেকাৰ কয়লা খনিৰ পৰা কয়লা বহি: ৰাজ্যলৈ লৈ যোৱা হৈছে অবৈধভাৱে । যাৰ বাবে অবৈধ কয়লা খনন বন্ধ কৰাৰ সকীয়নি প্ৰদান কৰে ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মি নামৰ উগ্ৰপন্থী সংগঠনটোৱে।

Militant group warned to stop coal mining in hills district at dima hasao district of assam
ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মিয়ে প্ৰেৰণ কৰা পত্ৰখন

উল্লেখ্য যে, ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ প্ৰচাৰ সম্পাদক ৰিংছমাই ডিমাচায় এখন প্ৰেছ বিবৃত্তিত উল্লেখ কৰে অনতিপলমে ডিমা হাছাও জিলাত অবৈধ কয়লা খনন বন্ধ কৰিব লাগিব। এক সপ্তাহৰ ভিতৰত কয়লা খনিত থকা কলো বাহন ঘূৰাই লৈ যোৱাৰ লগতে কয়লা খনিৰ পৰা সকলো শ্ৰমিকক ঘূৰাই লৈ যোৱাৰ নিৰ্দেশ দিয়ে। অন্যথা উগ্ৰপন্থী সংগঠনটোৱে কঠোৰ পদক্ষেপ ল'ব বুলি সকীয়নি প্ৰদান কৰে।

এক প্ৰেছ বিবৃত্তিত উগ্ৰপন্থী সংগঠনটোৰ প্ৰচাৰ সম্পাদক জনে উল্লেখ কৰে যে,কয়লা খননৰ কাৰণে প্ৰাকৃতিক বিপৰ্যয় ঘটাৰ লগতে জলবায়ুত পৰিৱৰ্তন ঘটিছে। কয়লা ভৰ্তি ট্ৰাকসমূহ চলাচল কৰাৰ ফলত উপজাতি অধ্যূষিত এলেকা সমূহৰ ঘাইপথ নষ্ট হৈ পৰিছে। আমি সদায় প্ৰাকৃতিক সম্পদ সংৰক্ষিত ৰাখিব বিচাৰিছো । ইয়াৰ লগতে পাহাৰীয়া জিলাৰ ৰাইজে প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষিত কৰি ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি প্ৰেছ বিবৃতিত উল্লেখ কৰে ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ প্ৰচাৰ সম্পাদক ৰিংছমাই ডিমাচায়।

লগতে চাওকঃ পূৱ অৰুণাচলৰ টিৰাপত আটক 2 এন,এছ,চিএনৰ কেডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.