ETV Bharat / state

শীঘ্ৰেই আৰম্ভ হোৱাৰ দিশে লামডিং-শিলচৰ ৰে'লসেৱা - Lumding Silchar train service set to start soon

লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথচোৱা সুচল হৈ উঠিলে শীঘ্ৰেই আৰম্ভ হ’ব যাত্ৰীবাহী ৰে’লসেৱা (Lumding-Silchar train service set to start soon) । লামডিং-শিলচৰ সংযোগী ৰে'লপথৰ দাওটুহাজা আৰু মপাৰৰ সমীপৰ বয়লা দলঙৰ ওপৰত শুকুৰবাৰে পৰীক্ষামূলকভাবে চলিল লাইট ৰে'ল ইঞ্জিন ৷ আগন্তুক 16 জুলাইৰ পৰা পুনৰ ৰে’লসেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা ৷

lumding-silchar-train-service-resumes
শীঘ্ৰেই আৰম্ভ হোৱাৰ দিশে লামডিং-শিলচৰ ৰে'লসেৱা
author img

By

Published : Jul 8, 2022, 10:28 PM IST

ডিমা হাছাও 8 জুলাই: ভূমিস্খলনৰ ফলত ধ্বংসস্তুপত পৰিণত হৈছিল উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ সুন্দৰ ৰে’ল ষ্টেচন হিচাবে পৰিগণিত নিউ হাফলং ৰে'লৱে ষ্টেচন(Dima Hasao Train Station)৷ প্ৰৱল বৰষুণৰ ফলত পাহাৰৰ পৰা বৈ অহা পানীৰ ঢল আৰু ভূমিস্খলনে তচনচ কৰি পেলায় পাহাৰীয়া জিলাখনৰ যোগাযোগ আৰু যাতায়ত ব্যৱস্থা ৷ তেতিয়াৰে পৰা বন্ধ হৈ আছিল ৰে’লসেৱাও ৷

লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথৰ 85 কিলোমিটাৰ অংশৰ লগতে 60টা স্থানত হোৱা ভূমিস্খলনৰ ফলত পাহাৰীয়া জিলাখনক সংযোগ কৰা ৰে’লপথটো সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰে (Railway line was completely damaged due to landslides) ৷ বৃহৎ ক্ষতিৰ ফলত এই ৰে’লপথচোৱাৰে যোৱা 14 মে'ৰ পৰা ৰে’ল চলাচল বন্ধ হৈ পৰাত দেশৰ অন্যান্য অংশৰ সৈতে বৰাক উপত্যকাৰ তিনিখন জিলাৰ লগতে মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ৰে’ল সংযোগ বিছিন্ন হৈ পৰে ।

শীঘ্ৰেই আৰম্ভ হোৱাৰ দিশে লামডিং-শিলচৰ ৰে'লসেৱা

বিগত 30 জুনৰ পৰা শিলচৰ-নিউ হাফলং আৰু গুৱাহাটী-লামডিঙৰ মাজত দুখন বিশেষ যাত্ৰীবাহী ৰে‘ল চলাচল কৰিছে ৷ ইতিমধ্যে শিলচৰ-নিউ হাফলঙৰ মাজত চলাচলকাৰী ৰে’লখনৰ যাত্ৰা 14 জুলাইলৈকে শিলচৰৰ পৰা ফাইডিঙলৈ যাত্ৰা সম্প্ৰসাৰণ কৰা হৈছে । কিন্তু বৰ্তমান লাংটিঙৰ পৰা ফাইডিঙলৈকে ৰে’ল সেৱা বন্ধ হৈ আছে ।

ইফালে, লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথৰ দাওটুহাজা আৰু মপাৰৰ সমীপৰ বয়লা দলঙৰ ওপৰত শুকুৰবাৰে পৰীক্ষামূলকভাবে চলিল লাইট ৰে'ল ইঞ্জিন ৷ 12 জুলাইৰ পৰা এই অংশত মালবাহী ৰে'লগাড়ী পৰীক্ষামূলকভাৱে চলাৰ সম্ভাৱনা আছে বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে(Lumding-Silchar train service set to start soon) ।

ইপিনে, লামডিং-ব্ৰডগজ ৰে'লপথৰ দাওটুহাজা আৰু ফাইডিঙৰ মাজতে 78 79 আৰু 77/1-3 77/4-5 কিলোমিটাৰ অংশ ভূমিস্খলনৰ ফলত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছিল ৷ 79 কিলোমিটাৰ অংশত মাটি খহি প্ৰায় 200 মিটাৰ ৰে‘লপথ সম্পূৰ্ণ বিধস্ত হৈ পৰিছিল ৷ বৰ্তমান এই অংশত এলাইনমেণ্ট সলনি কৰি নতুনকৈ ৰে’ললাইন স্থাপন কৰি ৰে’লপথটো সুচল কৰি তোলা হৈছে । বুধবাৰে এই অংশত ট্ৰলি ৰোলিং কৰোৱা হৈছে ।

ভূমিস্খলনৰ ফলত এই ৰে’লপথটো সম্পূৰ্ণভাৱে বিধস্ত হৈ যোৱাৰ পিছত উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই দুমাহৰ ভিতৰতে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথটো সুচল কৰি তুলিবলৈ সক্ষম হৈছে ।

সকলো ঠিকে থাকিলে দুই এদিনৰ ভিতৰতে দাওটুহাজা-ফাইডিঙৰ মাজত পৰীক্ষামূলকভাৱে প্ৰথমতে লাইট ইঞ্জিন আৰু ইয়াৰ পিছতে মালবাহী ৰে’লগাড়ীৰ চলাচল আৰম্ভ কৰা হ'ব ৷ লগতে অহা 16 জুলাইৰ পৰা শিলচৰ-লামডিং গুৱাহাটীৰ মাজত যাত্ৰীবাহী ৰে’ল সেৱা আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱে সূত্ৰই জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Center released fund for flood relief to Assam: বান সাহায্যৰ বাবে অসমলৈ ৩২৪.৪০ কোটি মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.