ডিমা হাছাও, ৫ এপ্ৰিলঃ খাদ্য সংকটত ভুগিছে ডিমা হাছাওৰ বহু কেইটা পৰিয়াল । ডিমা হাছাও জিলাৰ বিভিন্ন গাঁৱত এতিয়া বাহিৰৰ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰিছে গাঁওবাসীয়ে । যাৰ বাবে গাৱঁৰ ভিতৰতে আৱদ্ধ হৈ পৰিছে গাঁওবাসী । ফলস্বৰূপে খাদ্য সংকট দেখা দিছে গাঁৱ সমূহত । কিন্তু ইয়াৰ মাজতে দেওবাৰে ডিমা হাছাও আৰক্ষীয়ে দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা মানুহৰ মাজত খাদ্য সমগ্রী বিতৰণ কৰে । আৰক্ষীয়ে দৰিদ্ৰ পৰিয়াল সকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে জিলাৰ বিভিন্ন ঠাইৰ লগতে আৰক্ষীয়ে হাফলং চহৰক বীজাণু মুক্ত কৰাৰ বাবে ছেনিটাইজ কৰে ।
