ডিমা হাছাও 20 মে' : লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথচোৱাৰ (Lumding-Badarpur BG track) লগতে অতিকৈ সুন্দৰ আৰু প্ৰাকৃতিক সৌন্দর্যয়ে ভৰপূৰ নিউ হাফলং ষ্টেচন এতিয়া ভূমিস্খলন আৰু বানৰ কৱলত পৰি ধ্বংসস্তুপত পৰিণত হৈ পৰিছে (Landslides at various places on Lumding-Badarpur)। সম্প্ৰতি ৰে'ল ষ্টেচনটো সম্পূৰ্ণৰূপে মাটিৰ তলত পোত খাই পৰিছে ৷
আনহাতে, লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথচোৱাৰ মাজৰ 24 টাকৈ স্থান সম্প্ৰতি অতি বিপদজনক অৱস্থাত আছে । ইতিমধ্যে ভূমিস্খলনৰ ফলত ৰে'লৰ চিৰিৰ তলৰ বহু অংশ খহি পৰিছে ৷ লগতে ৰে'ল লাইনৰ মাটি খহি পৰাৰ লগতে মাটিৰ তলত পোত যোৱাৰ ফলত বহুকেইখন ৰে'ল ক্ষতিগ্ৰস্ত হৈছে ৷ সম্প্ৰতি ৰে'লপথৰ কিমান ক্ষতি হৈছে সেয়া এতিয়াও নিৰূপণ কৰিব পৰা নাই উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই ।
এই পৰ্যন্ত পাহাৰ লাইনৰ মুঠ 14 টা স্থানৰ ৰে'ল লাইন সুচল কৰি তোলা হৈছে বুলি জানিব পৰা গৈছে ৷ উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষৰ দ্বাৰা বিভিন্ন ঠিকাদাৰ সংস্থাক ইতিমধ্যে এই ৰে'ল লাইন সমূহ মেৰামতিৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ বৰ্তমান লামডিঙৰ-পৰা মাইবঙলৈকে ৰে'লপথচোৱা সুচল কৰি তোলাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম অব্যাহত ৰখা হৈছে । কিন্তু নিউ হাফলঙৰ পৰা বদৰপুৰৰ মাজৰ অংশচোৱা 50 দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে বুলি জানিবলৈ দিলে উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই ।
লগতে পঢ়ক : অৰুণাচলৰ নেচিফুত ভূমিস্খলন; আহত দুই সাংবাদিক