ETV Bharat / state

লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথে দি 16 জুনৰ পৰা পুনৰ ৰেল চলাচলৰ সম্ভাবনা - ১৬ পুনৰ যাতায়ত আৰম্ভ

ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰা লামডিং শিলচৰ ব্ৰডগছ ৰেলপথ ছোৱাৰে যাতায়ত বিচ্ছিন্ন হৈ পৰিছিল । ফলত চুবুৰীয়া ৰাজ্য কেইখনলৈ খাদ্য সামগ্রীৰ নিয়াৰ লগতে যাতায়ত ব্যাহত হৈ পৰিছে। অৱশ্যে ১৬ জুনৰ ভিতৰত পুনৰ যাতায়ত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে ৰেল বিভাগে ।

Landing silchar railway line restrat at June 16
লামডিং শিলচৰ ৰেলপথৰে পুনৰ ৰেল চলাচল ১৬ জুনৰ পৰা
author img

By

Published : Jun 10, 2020, 12:37 PM IST

ডিমা হাছাও, 10 জুনঃ চলিত মাহৰ16 জুনৰ ভিতৰত লামডিং-শিলচৰ ব্ৰডগজ ৰেল পথছোৱা সুচল হৈ উঠাৰ সম্ভাৱনা আছে। বিগত 1 জুনত পাহাৰ লাইনৰ মুপা আৰু মাইবাঙৰ মধ্যৱৰ্তী স্থানত ভূমিস্খলনৰ ফলত যোৱা 10 দিনৰ পৰা লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত ৰেল চলাচল বন্ধ হৈ আছিল । এতিয়া পূৰ্বৰ ৰেলপথ থকাৰ পৰা 150 মিটাৰ আঁতৰাই বিকল্প ৰেলপথ নিৰ্মান কৰি থকা হৈছে, যাতে অতিশ্ৰীঘেই ৰেলৰ চলাচল কৰিব পাৰে।

ইপিনে বিগত 10 দিন ধৰি ৰেলপথ ছোৱা বন্ধ হৈ পৰাৰ ফলত বৰাক উপত্যকাৰ লগতে ত্ৰিপুৰা মণিপুৰ আৰু মিজোৰামৰ লগত ৰেল পৰিসেৱা বিচ্ছিন্ন হৈ পৰিছে । উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসংযোগ বিষয়া নৃপেন্দ্ৰ ভট্টাচাৰ্যয় জানিবলৈ দিয়া অনুসৰি, 16 জুনৰ ভিতৰত সম্পূর্ণ কৰিবলৈ ৰেলকৰ্মী সকলে 24 ঘণ্টা ৰেল লাইন মেৰামতিৰ কাম চলাই আছে । ইতিমধ্যে প্ৰায় 60 শতাংশ কাম শেষ হৈছে বুলি জানিব পৰা গৈছে । বতৰ অনুকলত থাকিলে 16 জুনত পৰীক্ষামূলক ভাবে মালবস্তু কঢ়িয়াই নিয়া ৰেল চলোৱা হ'ব ।

আনহাতে যোৱা 10 দিনৰ পৰা ৰেলপথ ছোৱা বন্ধ হৈ থকাৰ বাবে ত্ৰিপুৰা মণিপুৰ আৰু বৰাক উপত্যকালৈ যাব লগা পণ্য সমগ্ৰী লৈ যোৱা ৰেল সমূহ বিভিন্ন ঠাইত আবদ্ধ হৈ থাকিব লগীয়া হৈছে । ইপিনে চুবুৰীয়া ৰাজ্য কেইখনত যাতে পণ্য সামগ্ৰীৰ নাটনিয়ে দেখা নিদিয়ে তাৰবাবে উত্তৰ পূব সীমান্ত ৰেল পথৰে ত্ৰিপুৰা মিজোৰাম মণিপুৰত পণ্য সামগ্ৰী পঠোৱাৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিয়ে নৃপেন্দ্ৰ ভট্টাচাৰ্যই ।

Landing silchar railway line restrat at June 16
Landing silchar railway line restrat at June 16

লগতে পঢ়কঃ কৃত্ৰিম বৰষুণ সৃষ্টি কৰি হ'লেও বাঘজানৰ ৰাইজক ৰক্ষা কৰকঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.