ETV Bharat / state

Jatinga Festival 2022: জাতিংগা মহোৎসৱৰ সফল সামৰণি

author img

By

Published : Oct 16, 2022, 4:59 PM IST

শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা জাতিংগা মহোৎসৱৰ (Jatinga Festival 2022) শনিবাৰে সামৰণি পৰে(Jatinga Festival 2022 successfully concludes) ৷ সামৰণি অনুষ্ঠানত উত্তৰ পূৱৰ জনপ্ৰিয় বেণ্ড আৰোগ্য আৰু বলিউডৰ প্ৰখ্যাত সংগীত শিল্পী নিখিল ডিচুজাৰ (Musician Nikhil D'souza) অনুষ্ঠান অনুষ্ঠিত হয় ৷

jatinga Festival 2022 successfully concludes
দুদিনীয়াকৈ অনুষ্ঠিত হোৱা জাতিংগা মহোৎসৱৰ সফল সামৰণি

ডিমা হাছাও, 16 অক্টোবৰ: শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা জাতিংগা মহোৎসৱৰ (Jatinga Festival 2022) শনিবাৰে সমাপ্তি ঘটে (Jatinga Festival 2022 successfully concludes) ৷ বিগত 14 অক্টোবৰৰ নিশা ৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে জাতিংগা মহোৎসৱৰ উদ্বোধন কৰিছিল উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচাই ।

পৰিভ্ৰমী পক্ষী সংৰক্ষণ আৰু সুৰক্ষাৰ থিম লৈ এইবাৰ জাতিংগা মহোৎসৱৰ আয়োজন কৰা হৈছিল । জাতিংগা মহোৎসৱৰ দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে উত্তৰ পূৱৰ জনপ্ৰিয় বেণ্ড আৰোগ্য আৰু বলিউডৰ প্ৰখ্যাত সংগীত শিল্পী নিখিল ডিচুজাৰ (Musician Nikhil D'souza) অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই অনুষ্ঠান চাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগী সকলে ভিৰ কৰে জাতিংগাত ।

শনিবাৰে জাতিংগা মহোৎসৱত মুখ্য অতিথি হিচাবে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ (North Cachar Hills Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা । জাতিংগা মহোৎসৱৰ উদ্বোধনৰ দিনা জাতিংগাত দেশ বিদেশৰ পৰা অহা পৰিভ্ৰমী পক্ষীৰ ভিডিও ডকুমেণ্টৰী ৰিলিজ কৰাৰ লগতে জাতিংগা বাৰ্ড ওয়াচিং চেণ্টাৰৰ এখন ফটো গেলাৰীৰ উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচাই ।

এইবাৰ ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে অষ্টম বাৰৰ বাবে অনুষ্ঠিত হোৱা জাতিংগা মহোৎসৱ উপভোগ কৰাৰ বাবে পৰ্যটকৰ ঢল নামিছে অসমৰ এই অন্যতম পাহাৰীয়া জিলাখনত ৷ জাতিংগা মহোৎসৱ উপলক্ষে ডিমা হাছাও জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হস্তনিৰ্মিত বস্তুৰ প্ৰদৰ্শনী ষ্টল আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যৰ ষ্টলো কেইবাখন খোলা হৈছে । তদুপৰি জাতিংগা মহোৎসৱত চাইকেল ৰেলী (Cycle rally held at Jatinga Festival) আদিও বুলি জানিবলৈ দিয়ে জাতিংগা মহোৎসৱৰ আহ্বায়ক জশৃংদাও ফংলোই ।

উল্লেখযোগ্য যে, অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও জিলাৰ জাতিংগা হৈছে দেশ বিদেশৰ মানুহৰ বাবে এক বিখ্যাত ঠাই। এই শৰতৰ আগমনৰ লগে লগে জাতিংগাত প্ৰতিবছৰে ছেপ্টেম্বৰ মাহৰ পৰা নৱেম্বৰ মাহলৈকে অন্ধকাৰ নিশা আৰু ঘন কুঁৱলীৰ মাজতে পৰিভ্ৰমী পক্ষী ওলোটা দিশৰ পৰা জাতিংগাত আহে । এই প্ৰাকৃতিক দৃশ্য উপভোগ কৰাৰ বাবে এই সময়চোৱাত ডিমা হাছাও জিলাত পৰ্যটকৰ ঢল নামি পৰে (Famous tourist spot) ।

শৰতৰ আগমনৰ লগে লগে ৰাজ্য়ৰ বিভিন্ন ঠাইত সোঁত ববলৈ ধৰিছে পৰিভ্ৰমী চৰাইৰ (Migratory birds at Dima Hasao)। বিশেষকৈ এই সময়ত পাহাৰীয়া জিলা কেইখনলৈ এনে পক্ষীৰ আগমন বেছি হোৱা দেখা যায় । এতিয়া ডিমা হাছাও জিলাত অন্ধকাৰ নিশা আৰু ঘন কুঁৱলীৰ মাজতে পৰিভ্ৰমী পক্ষী ওলোটা দিশৰ পৰা জাতিংগাত আহে ৷ এই বছৰো আৰম্ভ হৈছে বিভিন্ন ৰঙী পক্ষীৰ কলৰৱ ।

আনহাতে, এই পৰিভ্ৰমী চৰাইক চোৰাং চিকাৰীয়ে নিধন কৰি বজাৰত মুকলিকৈ বিক্ৰী কৰি আহিছে । এই পক্ষীসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে প্ৰশাসনে ১৪৪ ধাৰা বলবৎ কৰিছে । হাফলং আৰক্ষী থানাৰ (Haflong Police Station) অন্তৰ্গত জাতিংগা আৰু ৰেটজলৰ দহিং গাঁৱত ১৪৪ ধাৰাৰ জাৰি কৰা হৈছে ।

লগতে পঢ়ক: Jatinga Festival 2022: ডিমা হাছাওত জাতিংগা মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.