নিউজ ডেস্ক, ২৬ জুন : নিষিদ্ধ ড্ৰাগছ এতিয়া এক মহামাৰীৰ ৰূপত দেখা দিছে । ড্ৰাগছৰ (Drugs) বাবে ধ্বংসৰ মুখলৈ গতি কৰিছে বহু নৱ প্ৰজন্ম । ধ্বংস হৈছে বহু পৰিয়াল । লগতে অমানিশা নামি আহিছে বহু প্ৰতিভাৰ ভৱিষ্যতলৈ ।
এইবোৰ কাৰণতে সমগ্ৰ বিশ্বজুৰি ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে ২৬ জুনৰ দিনটো পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস (International drug abuse day) হিচাপে । এই দিৱসৰ লগত সংগতি ৰাখি ভাৰতৰ লগতে অসমৰ ভিন্ন প্ৰান্ততো পালন কৰা হৈছে বিভিন্ন সজাগতামূলক কাৰ্যসূচী । শনিবাৰে হাফলঙত ডিমা হাছাও আৰক্ষীৰ উদ্যোগত উদযাপন কৰা হয় এই দিৱস ।
হাফলং চহৰৰ বিভিন্ন ঠাইত ডিমা হাছাও আৰক্ষীয়ে মাদক দ্ৰব্য বৰ্জন কৰাৰ বাবে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন ঠাইত পোষ্টাৰ-বেনাৰ লগাই যুৱ সমাজক মাদক দ্ৰব্য বৰ্জনৰ আহ্বান জনায় । হাফলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পবন গায়নে কয় যে ড্ৰাগছৰ কবলত পৰি এচাম যুৱ সমাজ বিপথে পৰিচালিত হৈছে আৰু সমাজত ইয়াৰ ভয়ংকৰ প্ৰভাৱ পৰিছে । সেয়ে এই ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ৰাজ্যত ব্যাপক অভিযান আৰম্ভ কৰিছে বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে ।
ইফালে বৰ্তমান ক'ভিড সৃষ্ট পৰিস্থিতিৰ বাবে জিলাখনত ১৪৪ ধাৰা জাৰি থকাৰ বাবে বহলভাৱে এই দিনটো উদযাপন কৰিব পৰা নাই যদিও সকলোকে এইক্ষেত্ৰত সজাগ হ'বলৈ আহ্বান জনায় ।
শিৱসাগৰ জিলাতো আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন কৰা হৈছে ৷ ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে শিমলুগুৰিত সন্মিলিত যুৱ সমাজে শিমলুগুৰি আৰক্ষীৰ সহযোগত সজাগতা বৃদ্ধিৰ বাবে এক কাৰ্যসূচী ৰূপায়ণ কৰে ৷ শিমলুগুৰিত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযানেৰে পথচাৰীৰ মাজত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হয় ৷ ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ লক্ষ্যৰে প্ৰচাৰ পত্ৰিকা বিতৰণত আৰক্ষীয়ে সহযোগ আগবঢ়ায় ৷
সমান্তৰালভাৱে গোলাঘাটত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হোৱাৰ লগতে সজাগতাৰ মাধ্যমেৰে জনতাক ড্ৰাগছ বিৰুদ্ধে সজাগ কৰাৰ প্ৰয়াস কৰিছে । নিজকে ড্ৰাগছৰ দাস নহ'বলৈ গোলাঘাটৰ বাটা পইণ্টত আৰক্ষীয়ে সজাগতাৰ লক্ষ্যৰে এক অনুষ্ঠানৰ আয়োজন কৰে । নগৰৰ মাজমজিয়াত এই অনুষ্ঠানৰ জৰিয়তে নৱ প্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় আৰক্ষীয়ে ।
লগতে পঢ়ক: দুগৰাকী পাকৈত যমজ কন্যাই কিদৰে কটাইছে জীৱন ?