ETV Bharat / state

হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰত্যাহাৰ ইণ্ডিজেনাচ ষ্টুডেন্টছ ফ'ৰামৰ - ইণ্ডিজেনাচ ষ্টুডেন্টছ ফ'ৰামৰ

অনিৰ্দিষ্টকালৰ বাবে পথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিলে ইণ্ডিজেনাচ ষ্টুডেন্টছ ফ'ৰামে । ডিমা হাছাওৰ জিলা উপায়ুক্ত পল বৰুৱাই বৈঠকৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিছতে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ছাত্ৰ সংগঠনটোৱে ।

হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰত্যাহাৰ ইণ্ডিজেনাচ ষ্টুডেন্টছ ফ'ৰামৰ

author img

By

Published : Mar 2, 2021, 5:59 PM IST

ডিমা হাছাও, ২ মাৰ্চ: ডিমা হাছাওৰ জিলা উপায়ুক্ত পল বৰুৱাৰ তৰফৰ পৰা বৈঠকৰ বাবে আমন্ত্ৰণ লাভ কৰাৰ পিছতে ইণ্ডিজেনাচ ষ্টুডেন্টছ ফ'ৰামে হাফলং-শিলচৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে । ইষ্ট-ৱেষ্ট কৰিড'ৰৰ নিৰ্মাণকাৰ্যৰ বাবে জাতিংগাৰ পৰা হাৰেংগাজাওলৈকে গাঁওসমূহৰ ক্ষতিগ্ৰস্ত মানুহক ক্ষতিপূৰণ প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছিল সংগঠনটোৱে ।

হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰত্যাহাৰ ইণ্ডিজেনাচ ষ্টুডেন্টছ ফ'ৰামৰ
হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰত্যাহাৰ ইণ্ডিজেনাচ ষ্টুডেন্টছ ফ'ৰামৰ

লগতে হাফলং-শিলচৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ পৰা হাৰেংগাজাওলৈকে ২৫ কিলোমিটাৰ পথ মেৰামতিৰ দাবীত মঙলবাৰৰ পৰা অনিৰ্দিষ্টকালীনভাৱে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ কথা ঘোষণা কৰিছিল ইণ্ডিজেনাচ ষ্টুডেন্টছ ফ'ৰামে ।

কিন্তু ডিমা হাছাও জিলাৰ উপায়ুক্তই মঙলবাৰ বিয়লি ৩ বজাত সংগঠনটোৰ সভাপতি ডেভিদ কেভম আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ সৈতে এখন বৈঠক মিলিত হৈ ছাত্ৰ সংগঠনটোৰ দাবী পূৰণৰ আশ্বাস দিয়াৰ পিছতে তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে । আলোচনাৰ অন্ততহে সংগঠটোৱে পৰৱৰ্তী কাৰ্যসূচী সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব ।

লগতে পঢ়ক:সোণাৰিত বন্দুকসহ দুই নগা দুৰ্বৃত্ত আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.