ETV Bharat / state

হাফলঙৰ দুটা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

author img

By

Published : Apr 20, 2021, 8:42 PM IST

নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে, অসমৰ চাৰিটা ভোটকেন্দ্ৰত মঙলবাৰে পুনৰ ভোটদান সম্পন্ন হয় । নিৰ্বাচনৰ সময়ত ব্যাপক খেলিমেলিৰ বাবে হাফলং সমষ্টিৰ ১০৭ নং মুলদাম নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ১০৭(এ) খটলিৰ ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছিল নিৰ্বাচন আয়োগে । দুয়োটা কেন্দ্ৰতে কটকটীয়া নিৰ্বাপত্তা বেষ্টনীৰ মাজত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয় ।

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত হাফলঙৰ দুটা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ

ডিমা হাছাও,২০ এপ্ৰিল: মঙলবাৰে হাফলঙৰ দুটাকৈ ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । যোৱা ১ এপ্ৰিলত অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত ব্যাপক খেলিমেলিৰ বাবে হাফলং সমষ্টিৰ ১০৭ নং মুলদাম নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ১০৭(এ) খটলিৰ ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছিল নিৰ্বাচন আয়োগে । দুয়োটা কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয় ।

জানিব পৰা মতে, দুয়োটা কেন্দ্ৰতে পুৱা ৭ বজাৰ পৰা ভোটদান আৰম্ভ হোৱাৰ পিছত বিয়লি ৫ বজালৈ ৬৩ শতাংশ ভোটদান সম্পন্ন হয় । দুয়োটা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭০৬ গৰাকী । তাৰ ভিতৰত ১০৭ মুলদাম নিম্ন প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা হৈছে ৬১৬ গৰাকী আৰু ১০৭(এ) খটলিৰ নিম্ন প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ সংখ্যা হৈছে ৯০ গৰাকী ।

উল্লেখ্য যে, যোৱা ১ এপ্ৰিল অৰ্থাৎ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হাফলং সমষ্টিৰ ১০৭ (এ) খটলিৰ ভোটগ্ৰহণ কেন্দ্ৰত মুঠ ৯০ গৰাকী ভোটাৰ থকাৰ বিপৰীতে ১৮০ টা ভোট পোৱা গৈছিল । যাৰ বাবে ভোটগ্ৰহণৰ ক্ষেত্ৰত কৰ্তব্যত গাফিলতিৰ অভিযোগত ডিমা হাছাও জিলাৰ উপায়ুক্ত তথা জিলা ৰিটাৰ্ণিং বিষয়া পল বৰুৱাই ৫ গৰাকী নিৰ্বাচনী বিষয়াক নিলম্বন কৰিছিল ।

লগতে পঢ়ক: হোজাইত শোৱাপাটীত উদ্ধাৰ মহিলাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.