ETV Bharat / state

হাফলংত কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান - Haflong Congress leader joined BJP party

উমৰাংচো গৰমপানি মণ্ডল কংগ্ৰেছ সভাপতি কুৰ ৰংপিৰ বিজেপি দলত যোগদান ।

Haflong Congress leader joined BJP party
হাফলংত কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান
author img

By

Published : Aug 29, 2020, 7:26 AM IST

ডিমা হাছাও, 28 আগষ্টঃ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কংগ্ৰেছ নেতা কুৰ ৰংপিৰ । সমাগত 2021 বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কৰ'ণা ভাইৰাছ মহামাৰীৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ কোচকাৱাজ আৰম্ভ কৰা দেখা গৈছে ৷

হাফলংত কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান

ইপিনে সমাগত নিৰ্বাচনৰ আগত এতিয়া বিভিন্ন দল ত্যাগ কৰি বিজেপি দলত যোগদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বহু নেতাই । শুকুৰবাৰে হাফলঙৰ অটল বিহাৰী বাজপেয়ী ভৱনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তথা উমৰাংচো গৰমপানী মণ্ডল কংগ্ৰেছৰ সভাপতি কুৰ ৰংপিয়ে কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা বাহিনীত যোগদান কৰে ৷

ডিমা হাছাও জিলা বিজেপিৰ সভাপতি দনপাইনন থাওচেন উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা আৰু নন্দিতা গাৰ্লচা নম্ৰথাং মাৰ আৰু পৰিষদৰ সদস্য লিটন চক্ৰৱৰ্তীৰ উপস্থিতিত কংগ্ৰেছ নেতা কুৰ ৰংপি বিজেপি দলত যোগদান কৰি কয় যে, বিজেপি দলৰ উন্নয়নমূলক কাম-কাজ আৰু বিজেপি দলৰ নীতি-আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে বিজেপি দলত যোগদান কৰিছে ৷ অনাগত দিনত দলৰ উন্নয়নৰ স্বাৰ্থত তেওঁলোকে কাম কৰি যাব বুলি মন্তব্য় কৰে ৷

লগতে পঢ়কঃ দলীয় অন্তঃকন্দলে লগ নেৰা হৈছে কংগ্ৰেছক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.