ডিমা হাছাও,26চেপ্তেম্বৰ : হাফলঙত এক্সিক বেংকৰ এটিএম ভাঙি লৈ যোৱাৰ চেষ্টা কৰি গ্ৰেপ্তাৰ হয় দুই যুৱক ৷ যুৱকদুজন চংপিজন গাঁৱৰ লিয়েনমিনতাল হেংনা আৰু চেইমিনহাও চিংসন ৷
উল্লেখ্য যে, বুধবাৰে নিশা হাফলং চহৰৰ টেক্সি ষ্টেণ্ডৰ ওচৰত থকা এক্সিছ বেংকৰ এটিএমটো ভাঙি লৈ যোৱাৰ চেষ্টা কৰিছিল যুৱক দুজনে ৷ ইফালে এই সমগ্ৰ ঘটনা বন্দী হৈছিল এটিএমত থকা চিচিটিভি কেমেৰাত ৷ চিচিটিভিত বন্দী হোৱা দৃশ্যৰ ভিত্তিতেই বৃহস্পতিবাৰে বেংক কৰ্তৃপক্ষই হাফলং আৰক্ষী থানাত দাখিল কৰিছিল এখন এজাহাৰ ৷ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছিল ৷ অৱশেষত হাফলং আৰক্ষী থানাৰ ওসি হৰি চন্দ্ৰ পাঠকৰ নেতৃত্বত হাফলং আৰক্ষীয়ে এটিএম ভাঙি লৈ যোৱাৰ চেষ্টা চলোৱা দুয়োজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷