ডিমা হাছাও, 10 মে’ : উজনিৰ পৰা নামনিলৈ কংগ্ৰেছত উঠিছে পদত্যাগৰ ঢৌ ৷ দলৰ আভ্যন্তৰীণ অসন্তুষ্টিয়ে হওক কিম্বা দলীয় বিষয়বাব সন্দৰ্ভতে হওক, শেহতীয়া কিছুদিনত ৰাজ্যৰ বহু জিলাৰ পৰা পদত্যাগ কৰিছে একাধিক কংগ্ৰেছ কৰ্মীয়ে ৷ শেহতীয়াকৈ ডিমা হাছাওতো কংগ্ৰেছৰ চাৰিগৰাকী নেতাই পদত্যাগ(Four congress leaders resigns from party) কৰে ৷
দলত্যাগ কৰা নেতাসকলৰ তালিকাত আছে- জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মেংগ্লেন হাওলাই, আইনী কোষৰ মুৰব্বী জুৱেল চেংয়ুং, সামাজিক মাধ্যমৰ সমন্বয়ক সতমিংথাং খংছাই আৰু জিলা কংগ্ৰেছৰ আচিং জিমি ৷ এই চাৰিগৰাকী নেতাই আনুষ্ঠানিকভাৱে সোমবাৰে পদত্যাগ কৰে ৷ পদত্যাগৰ কাৰণ সন্দৰ্ভত তেওঁলোকে উল্লেখ কৰিছে যে, মূলতঃ দলটোৰ শীৰ্ষ নেতৃত্বৰ কাম-কাজত অসন্তুষ্ট হৈ তেওঁলোকে দলটো ত্যাগ কৰে ৷
জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথচাৰ ওচৰতে চাৰিওগৰাকীয়ে পদত্যাগ পত্ৰ দাখিল কৰে ৷ মঙলবাৰে গুৱাহাটীত এই চাৰিগৰাকী কংগ্ৰেছ নেতাই তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী, তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা আৰু ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী দুই-তিনিদিনৰ ভিতৰত জিলাখনৰ বহুকেইগৰাকী কংগ্ৰেছ নেতাই দল ত্যাগ কৰাৰ সম্ভাৱনা আছে ৷
ইমানদিনে অসমৰ অন্যতম পাহাৰীয়া জিলাখনত কংগ্ৰেছ, বিজেপি, অগপ আৰু আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ বাহিৰে কোনো ৰাজনৈতিক দল নাছিল ৷ কিন্তু এতিয়া তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ দৰে ৰাজনৈতিক দলসমূহ পাহাৰীয়া জিলাখনত আত্মপ্ৰকাশ ঘটাৰ পথত ৷ এই ধাৰা অব্যাহত থাকিলে শীঘ্ৰেই জিলাখন কংগ্ৰেছ মুক্ত হোৱাৰ প্ৰবল সম্ভাৱনা আছে ৷
লগতে চাওক: বৰপেটা কংগ্ৰেছত খহনীয়া : জিলা সভাপতিৰ পিছতে পদত্যাগ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ