ETV Bharat / state

হাফলঙত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ কঠোৰ জিলা প্ৰশাসন

হাফলঙত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ তৎপৰ জিলা প্ৰশাসন । দেওবাৰে অনুষ্ঠিত হোৱা এক বৈঠকত মাৰ্চেণ্ট এছ’চিয়েশ্বনক ব্যৱসায়ীসকলৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে জিলা উপায়ুক্ত পল বৰুৱাই ৷

author img

By

Published : May 11, 2021, 7:09 AM IST

strict action for price hike
হাফলঙত মূল্যবৃদ্ধিক লৈ কঠোৰ জিলা প্ৰশাসন

ডিমা হাছাও, 11 মে’: ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন । কৰ’ণাৰ সুযোগ লৈ হাফলঙৰ বজাৰত একাংশ ব্যৱসায়ীয়ে বিভিন্ন সামগ্ৰীৰ অত্যাধিক হাৰত মূল্যবৃদ্ধি কৰিছে বুলি বিভিন্ন সংগঠনে জিলা উপায়ুক্ত পল বৰুৱাক অভিযোগ জনোৱাৰ পাচতে এতিয়া তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন ।

দেওবাৰে হাফলঙৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা মাৰ্চেণ্ট এছ’চিয়েশ্বনৰ কৰ্মকৰ্তাসকলৰ জৰুৰী বৈঠকত জিলা উপায়ুক্ত পল বৰুৱাই মাৰ্চেণ্ট এছ’চিয়েশ্বনক সকীয়াই দিয়ে যে, বিভিন্ন সংগঠনৰ ফালৰ পৰা অভিযোগ আহিছে হাফলং বজাৰত ব্যৱসায়ীসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বেছিকে লৈছে । যদি ব্যৱসায়ীসকলে এনে ধৰণৰ কাম অব্যাহত ৰাখে, তেন্তে ব্যৱসায়ীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

ইয়াৰোপৰি জিলা উপায়ুক্তই মাৰ্চেণ্ট এছ’চিয়েশ্বনৰ কৰ্মকৰ্তাসকলক নিৰ্দেশ দিয়ে যে, বজাৰৰ প্ৰতিটো ব্যৱসায়ীয়ে নিজৰ দোকানসমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য তালিকা ৰাজহুৱাকৈ ৰাখিব লাগিব । এই বিষয়ত কঠোৰ দৃষ্টি ৰখাৰ বাবে খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু ডিডিএমৰ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰা হয় ৷

ইফালে সোমবাৰে আজি ডিমা হাছাও জিলাত নতুনকৈ 22 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হয় । এতিয়ালৈকে পাহাৰীয়া জিলাখনত আক্ৰান্ত ৰোগীৰ সংখ্যা 317 গৰাকীলৈ বৃদ্ধি পাইছে । ইয়াৰ মাজতে 123 গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ উঠাৰ বিপৰীতে 39 গৰাকী ৰোগীক জিলাখনৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে ৷ সম্প্ৰতি 150 গৰাকী ৰোগীক হোম আইচলেশ্বনত ৰখা হৈছে ।

আনহাতে 4 গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে জিলাৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছে । ডিমা হাছাও জিলাত কৰ’ণাত আক্ৰান্ত হৈ এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে ।

লগতে পঢ়ক : বিশ্বনাথত প্ৰচণ্ড ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.