ETV Bharat / state

ডিমা হাছাওত বিদ্যালয় বন্ধৰ নিৰ্দেশ জিলা প্ৰশাসনৰ - district administration

কৰ'ণা আক্ৰান্তৰ সংখ্যাই শতক পাৰ কৰিলে ডিমা হাছাও জিলাত ৷ সেই মৰ্মে নাৰ্ছাৰীৰ পৰা আৰম্ভ কৰি অষ্টম শ্ৰেণী পৰ্যন্ত বিদ্যালয়ৰ পাঠদান বন্ধৰ নিৰ্দেশ জাৰী কৰিছে জিলা প্ৰশাসনে ৷

dimahasao_district_administration_announces_school_close
ডিমা হাছাওত বিদ্যালয় বন্ধৰ নিৰ্দেশ জিলা প্ৰশাসনৰ
author img

By

Published : Apr 30, 2021, 10:39 PM IST

ডিমা হাছাও, 30 এপ্ৰিল : ডিমা হাছাও জিলাত কৰ'ণা আক্ৰান্তৰ সংখ্যা 100 পাৰ হোৱাৰ পাচতেই শুকুৰবাৰৰ পৰা ডিমা হাছাও জিলাত নাৰ্ছাৰীৰ পৰা আৰম্ভ কৰি অষ্টম শ্ৰেণীলৈ চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ জিলা প্ৰশাসনৰ । উল্লেখ্যে যে, ডিমা হাছাওত ভয়ংকৰ হাৰত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । শুকুৰবাৰে ডিমা হাছাও জিলাত 30 গৰাকীকৈ ব্যক্তি নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে । ইপিনে, ডিমা হাছাওত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 143 গৰাকী লৈ বৃদ্ধি হৈছে ।

উল্লেখযোগ্য যে, ডিমা হাছাও জিলাত কৰ'ণা আক্ৰান্ত 143 গৰাকী ৰোগীৰ ভিতৰত ইতিমধ্যে 23 গৰাকী ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে হাফলং অসামৰিক চিকিৎসালয়ত 26 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷ ইয়াৰ লগতে 94 গৰাকী ৰোগী বৰ্তমান হোম আইচলেচনত থকা বুলি জানিবলৈ দিছে জিলা স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক : ১ মে'ত অসমৰ ১৮ বছৰ উৰ্ধৰ লোকে নাপাব প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.