ETV Bharat / state

ডিমা হাছাওত ক’ভিড নীতিক লৈ কঠোৰ জিলা প্ৰশাসন - ক’ভিড

ডিমা হাছাওত বৃহস্পতিবাৰৰ পৰা দিনৰ 1 বজাৰ লগে লগে বন্ধ হ'ল সকলো দোকান-পোহাৰ, বজাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান । 2 বজাৰ লগে লগে সমগ্ৰ জিলাখনত বলৱৎ কৰা হয় সান্ধ্য আইন ।

dima hasao police administration taking strict action
ডিমা হাছাওত কঠোৰ জিলা প্ৰশাসন
author img

By

Published : May 14, 2021, 10:58 AM IST

ডিমা হাছাও,14 মে’ : ক’ভিডৰ নতুন নিয়ম লৈ কঠোৰ হৈ পৰিছে ডিমা হাছাও জিলা প্ৰশাসন তথা আৰক্ষী । দ্ৰুত হাৰত কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নিয়মক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে জিলাখনৰ আৰক্ষীয়ে ।

বৃহস্পতিবাৰে ক’ভিডৰ নতুন নিয়মক লৈ পাহাৰীয়া জিলাখনত সষ্টম হৈ উঠে আৰক্ষী প্ৰশাসন ৷ দিনৰ 1 বজাৰ লগে লগে হাফলং চহৰৰ সকলো দোকান-পোহৰ, বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰাৰ লগতে 2 বজাৰ লগে লগে সমগ্ৰ জিলাখনত সান্ধ্য আইন বলৱৎ কৰা হয় ।

ডিমা হাছাওত কঠোৰ জিলা প্ৰশাসন

সমগ্ৰ চহৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙে কয় যে, ৰাজ্য চৰকাৰৰ ফালৰ পৰা ক’ভিডক লৈ যি নতুন নীতি-নিয়ম বান্ধি দিয়া হৈছে, তাক লৈ আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷ ইয়াৰ বাবে আৰক্ষী অধীক্ষক গৰাকীয়ে সকলো ৰাইজৰ সহযোগিতাৰ আহ্বান জনায় ৷

তেওঁ কয় যে, দিনৰ 1 বজাৰ লগে লগে বজাৰসমূহ বন্ধ কৰিব লাগিব আৰু 2 বজাৰ ভিতৰত সকলো লোকে নিজ নিজ ঘৰলৈ উভতি যাব লাগিব । 2 বজাৰ পাচত কোনো ব্যক্তি বিনা কাৰণত ঘুৰি ফুৰিলে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷

আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে কয় যে, যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিয়ম বান্ধি দিয়া হৈছে ৷ যুগ্ম তাৰিখে যুগ্ম সংখ্যাৰ বাহন আৰু অযুগ্ম তাৰিখে অযুগ্ম সংখ্যাৰ বাহন চলাচলৰ বাবে অনুমতি দিয়া হৈছে ৷ শুকুৰবাৰৰ পৰা সকলোৱে কঠোৰভাৱে নিয়ম পালন কৰিব লাগিব বুলি মন্তব্য কৰাৰ লগতে নিয়ম ভংগকাৰীক জৰিমণা বিহা হ’ব বুলি আৰক্ষী অধীক্ষক জয়ন্ত সিঙে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : নতুন SOP ক লৈ কলগাছিয়াত কঠোৰ জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.