ETV Bharat / state

মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুত ডিমা হাছাও জিলা প্ৰশাসন - ডিমা হাছাও জিলা প্ৰশাসন

North Cachar Hill Autonomous Council elections: সমাগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ 231 টা ভোটগ্ৰহণ কেন্দ্ৰৰ মাজতে 22 টা অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ লগতে চিচিটিভি কেমেৰা, মাইক্ৰো অবজাৰভাৰ লগোৱা হৈছে ৷

Etv BharatNorth Cachar Hill Autonomous Council elections
মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুত ডিমা হাছাও জিলা প্ৰশাসন
author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 8:32 AM IST

মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুত ডিমা হাছাও জিলা প্ৰশাসন

হাফলং, 7 জানুৱাৰী : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন মুক্ত আৰু নিকা অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণভাৱে প্ৰস্তুত হৈছে জিলা প্ৰশাসন । 6 ডিচেম্বৰৰ নিশা ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া সীমান্ত কুমাৰ দাসে এখন সংবাদমেল সম্বোধন কৰি কয় যে, ইতিমধ্যে পৰিষদৰ 6 টা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাত জয়লাভ কৰিছে ৷ যাৰবাবে পৰিষদৰ 28 টা সমষ্টিৰ মাজত 22 টা সমষ্টিতহে নিৰ্বাচন অনুষ্ঠিত হ’ব।

জিলা আয়ুক্তগৰাকীয়ে লগতে কয় যে, 231 টা ভোটগ্ৰহণ কেন্দ্ৰৰ 22 টা অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰত চিচিটিভি কেমেৰা, মাইক্ৰো অবজাৰভাৰ লগোৱা হৈছে ৷ লগতে আৰক্ষী আৰু কটকটীয়া নিৰাপত্তা ৰক্ষাৰ ব্যৱস্থা কৰা হৈছে ৷ 92 টা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰৰ যি কেন্দ্ৰসমূহত গণ্ডগোল হোৱাৰ সম্ভাৱনা আছে সেই ভোটগ্ৰহণ কেন্দ্ৰসমূহত চিচিটিভি কেমেৰা, ভিডিঅ’গ্ৰাফাৰ আৰু নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ অহা 8 জানুৱাৰীত, পুৱা 8 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ’ব আৰু বিয়লি 4 টা বজাত অন্ত পৰিব । পৰিষদৰ 22 টা সমষ্টিৰ 231 ভোটগ্ৰহণ কেন্দ্ৰৰ মাজত শনিবাৰে প্ৰথম পৰ্যায়ত 58 টা দূৰণীয়া ভোটগ্ৰহণ কেন্দ্ৰৰ ভোট কৰ্মীসকল ৰাওনা হয় । বাকী 173 টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভোট কৰ্মীসকল দেওবাৰে ৰাওনা হ’ব ।

জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে সংবাদমেলযোগে ৰাইজক মুক্ত মনেৰে নিৰ্ভয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনায় । ইপিনে চেমখৰ সমষ্টিৰ সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে কয়, "কিছু সমষ্টিত এনে ধৰণৰ বাতৰি আহিছে যদিও আমাৰ ওচৰত লিখিত কোনো অভিযোগ অহা নাই ৷"

লগতে পঢ়ক: ২০ ৰ পৰা ২৫ জানুৱাৰীলৈ মুছলমানসকলক ৰে’লত ভ্ৰমণ নকৰিবলৈ আহ্বান আজমলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.