ETV Bharat / state

ডিমা হাছাওত কোনে জন্ম দিলে উগ্ৰপন্থী সংগঠন - উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ

কংগ্ৰেছৰ সময়ত প্ৰথমতে ডিমা হাছাও জিলাত ডি এন এছ এফ নামৰ উগ্ৰপন্থী সংগঠনে আত্মপ্ৰকাশ কৰিছিল । তাৰ পিছত ডি এইচ ডি আৰু 2003 চনৰ পিছত ডি এইচ ডি পৰা বিচ্ছিন্ন হৈ গঠন হৈছিল ডি এইচ ডি (জে) উগ্ৰপন্থী সংগঠনৰ।

dima-hasao-congress-bron-terrorist-allegation-devlal-garlcha
ডিমা হাছাওত কংগ্ৰেছে উগ্ৰপন্থী সংগঠনৰ জন্ম দিয়াৰ অভিযোগ !
author img

By

Published : Jul 5, 2020, 11:35 PM IST

ডিমা হাছাও,5জুলাইঃ ডিমা হাছাও জিলাত উগ্ৰপন্থীৰ জন্ম দিছিল কংগ্ৰেছ দলে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই। দেওবাৰে নিজৰ চৰকাৰী বাসভৱনত এখন সংবাদমেল পাতি এই অভিযোগ উত্থাপন কৰে দেৱলাল গাৰ্লোচাই।

সংবাদমেলত দেৱলাল গাৰ্লোচাই কঠোৰ ভাষাৰে কংগ্ৰেছক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ সময়ত প্ৰথমতে ডিমা হাছাও জিলাত ডি এন এছ এফ নামৰ উগ্ৰপন্থী সংগঠনে আত্মপ্ৰকাশ কৰিছিল। তাৰপিছত ডি এইচ ডি আৰু 2003 চনৰ পিছত ডি এইচ ডি-ৰ বিছিন্ন হৈ গঠন হৈছিল ডি এই চডি (জে) উগ্ৰপন্থী সংগঠন। তেনেহ'লে দেশদ্ৰোহী কোন বুলি প্ৰশ্ন উত্থাপন কৰি দেৱলাল গাৰ্লোচাই কয় কংগ্ৰেছ দলে এতিয়া মই দেশদ্ৰোহী বুলি প্ৰচাৰ কৰি আছে। আচলতে কংগ্ৰেছ দলহে দেশদ্ৰোহী বুলি অভিযোগ কৰে কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই।

ইপিনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ তদানীন্তন কাৰ্যবাহী সদস্য পূৰনেন্দু লাংথাচা আৰু অতিৰিক্ত কাৰ্যবাহী সদস্য নিন্দু লাংথাচাৰ হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে দেৱলাল গাৰ্লোচাক অভিযুক্ত কৰি চার্জশ্বীট আদালতত জমা দিয়াৰ পিছত কাৰ্যবাহী সদস্য পদৰ পৰা দেৱলাল গাৰ্লোচাক পদত্যাগ কৰাৰ দাবীত কংগ্ৰেছ দল সৰৱ হৈ উঠে ৷ দেওবাৰে প্ৰথমবাৰ বাবে দেৱলাল গাৰ্লোচাই সংবাদ মাধ্যমৰ আগত বিজেপিৰ সময়তেই ৰাজ্য চৰকাৰে এই গোচৰৰ অধিবক্তা অনুমোদন প্ৰদান কৰাৰ পিছত আৰক্ষীয়ে আদালতত চার্জশ্বীট জমা দিছে বুলি উল্লেখ কৰে।

ডিমা হাছাওত কংগ্ৰেছে উগ্ৰপন্থী সংগঠনৰ জন্ম দিয়াৰ অভিযোগ !

আমি সদায় সংবিধানক বিশ্বাস কৰোঁ, আদালতে যদি এই গোচৰত আমাক দোষী সাব্যস্ত কৰে তেনেহ'লে আমি কাৰ্যবাহী সদস্য পদৰ পৰা পদত্যাগ কৰিম ৷ তাৰ বাবে কংগ্ৰেছ দলে উপদেশ দিব নালাগে বুলি সংবাদমেলত মন্তব্য কৰে দেৱলাল গাৰ্লোচাই। আমি এতিয়া ক'ৰণাৰ লগত যুঁজি আছো আৰু ক'ৰণাক পৰাভূত কৰাৰ পিছত আমি এই বিষয়কলৈ ৰাজনীতি কৰিম বুলি গুৰুত্ব পূৰ্ণ মন্তব্য কৰে কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই।

লগতে পঢ়কঃ ধেমাজিত ৰাই আৰু বালিচৰী নৈৰ সংহাৰী ৰূপঃ জলমগ্ন অৰ্ধশতাধিক গাওঁ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.