ETV Bharat / state

লামডিং-শিলচৰ ৰে’লপথত লাইনচ্যুত মালবাহী ৰে’ল - লামডিং-শিলচৰ ৰে’লপথত লাইনচ্যুত মালবাহী ৰে’ল

লামডিং-শিলচৰ ব্ৰডগেজ ৰে’লপথত লাইনচ্যুত মালবাহী ৰে’ল (derailed freight train at dima hasao) ৷ প্ৰায় তিনি ঘণ্টা ধৰি ব্যাহত ৰে’লৰ চলাচল ৷

Freight train Crash on Lumding-Silchar railway line at Dima Hasao
লামডিং-শিলচৰ ৰে’লপথত দুৰ্ঘটনাগ্রস্থ মালবাহী ৰে’ল
author img

By

Published : Jan 9, 2022, 9:07 AM IST

ডিমা হাছাও, 9 জানুৱাৰী : শনিবাৰে এক দুৰ্ঘটনা সংঘটিত হয় ডিমা হাছাওৰ লামডিং-শিলচৰ ব্ৰডগেজ ৰে’লপথত ৷ শনিবাৰে পুৱা ডিমা হাছাও জিলাৰ ডিটেকচৰা ষ্টেচনৰ সমীপত বদৰপুৰৰ পৰা লামডিং অভিমুখে গৈ থকা এখন মালবাহী ৰে’ল আকস্মিকভাৱে লাইনচ্যুত হয় (derailed freight train at dima hasao) ৷

সূত্ৰৰ পৰা জানিব পৰা মতে, বদৰপুৰৰ পৰা লামডিং অভিমুখে যোৱাৰ পথত ডিটেকচৰা ষ্টেচনৰ সমীপত পণ্যবাহী ৰে’লখনৰ চকা খুলি যোৱাৰ ফলত লাইনচ্যুত হয় ৷ যাৰ বাবে তিনি ঘণ্টা ধৰি ব্যাহত হৈ পৰে ৰে’লৰ চলাচল ৷

Freight train Crash on Lumding-Silchar railway line at Dima Hasao
লামডিং-শিলচৰ ৰে’লপথত দুৰ্ঘটনাগ্রস্থ মালবাহী ৰে’ল

প্ৰায় তিনি ঘণ্টাৰ পিছত উত্তৰ-পূৱ সীমান্ত ৰে’ল কৰ্তৃপক্ষই ৰে’ল চলাচলৰ অনুমতি প্ৰদান কৰে ৷ যাৰ বাবে পলমকৈ হ’লেও ৰে’লৰ চলাচল আৰম্ভ হয় ৷

ইপিনে বিষয় প্ৰসংগত ৰে’ল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, শিলচৰ-গুৱাহাটী অভিমুখী গুৱাহাটী এক্সপ্ৰেছ নামৰ ৰে’লখনে তিনি ঘণ্টা পলমকৈ, আগৰতলা-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ তিনি ঘণ্টা আৰু বদৰপুৰৰ পৰা গুৱাহাটী অভিমুখী ভিষ্টাডম ৰে’লখন 2 ঘণ্টা 30 মিনিট পলমকৈ পুনৰ চলাচল আৰম্ভ কৰে ৷

লগতে পঢ়ক : যোৰহাটত লাইনচ্যুত মালবাহী ৰে’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.