ডিমা হাছাও, 12 জানুৱাৰী: হাফলং অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা বহিঃৰাজ্যৰ তিনিগৰাকী ক’ভিড ৰোগীয়ে মঙলবাৰে নিশা পলায়ন কৰে (Covid Patient Flees From Hospital) । ইয়াৰোপৰি একেটা দিনতে হাফলং অসামৰিক চিকিৎসালয়ৰ ক’ভিড পৰীক্ষা কেন্দ্ৰৰ পৰা আৰু ন গৰাকী ক’ভিড ৰোগীয়ে পলায়ন কৰে (Covid patient flees from Covid care centre)।
ডিমা হাছাও জিলাত অসম ৰাইফলছৰ নিযুক্তিৰ বাবে বহিঃৰাজ্যৰ পৰা দৈনিক বহু যুৱক হাফলঙলৈ আগমন ঘটি আহিছে । নিউ হাফলং ৰেল ষ্টেচনত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীসকলৰ বাবে ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰাত বহু যাত্ৰী ক’ভিড পৰীক্ষা অবিহনে ৰেল ষ্টেচনৰ পৰাই পলায়ন কৰাৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে ।
ইপিনে সমগ্ৰ দেশতে ভয়ংকৰ ৰূপ লৈছে ক’ভিডৰ তৃতীয় ঢৌৱে ৷ ইয়াৰ উপৰিও অ’মিক্ৰম ভেৰিয়েন্টে সমগ্ৰ দেশতে আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে অসমত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই মঙলবাৰ পৰ্যন্ত 2837 গৰাকী হৈছে (Covid situation in Assam) । ইয়াৰ লগতে ডিমা হাছাও জিলাতো ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে । মঙলবাৰে ডিমা হাছাওত 26 গৰাকী লোক ক’ভিডত আক্ৰান্ত হয় । অন্যহাতে ডিমা হাছাও জিলাত যোৱা চাৰি দিনৰ ভিতৰতে মুঠ 57 গৰাকী লোক ক’ভিডত আক্ৰান্ত হয় ৷ ইয়াৰে গৰিষ্ঠ সংখ্যক অসম ৰাইফলছৰ নিযুক্তিৰ বাবে অহা বহিঃৰাজ্যৰ যুৱক ।
বুধবাৰেও নিউ হাফলং ষ্টেচনত অসম ৰাইফলছৰ নিযুক্তিৰ বাবে অহা মহাৰাষ্ট্ৰৰ এগৰাকী যুৱকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে । আনহাতে হাফলং অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা মঙলবাৰে নিশা পলায়ন কৰা তিনগৰাকী যুৱক হৈছে মহাৰাষ্ট্ৰৰ আস্পাক পাঠন, তামিলনাডুৰ সঞ্জয় এ, তেলেংগানাৰ সংগম গোপাল ভিনদ কুমাৰ ।
ইয়াৰোপৰি জানিব পৰা মতে নিউ হাফলং ষ্টেচনত ক’ভিড পৰীক্ষাৰ পিছতে ক’ভিড পিজিটিভ হোৱা এগৰাকী আৰপিএফ জোৱানেও পলায়ন কৰে । হাফলঙৰ পৰা এনেদৰে ক’ভিড ৰোগী পলায়ন কৰাৰ ঘটনাত ডিমা হাছাও জিলাত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ।
লগতে পঢ়ক: Symptoms of Omicron: অ'মিক্ৰণৰ লক্ষণবোৰ কেনেকুৱা ?