ETV Bharat / state

Silchar Saurastra East West Corridor: দ্ৰুতগতিত শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰৰ নিৰ্মাণকাৰ্য - Construction of Silchar Saurastra East West

অহা মাৰ্চৰ ভিতৰত শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ (NHIDCL)অধীনত চলিছে এই নিৰ্মাণকাৰ্য ।

Construction of Silchar Saurastra East West Corridor
শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰ
author img

By

Published : Jan 25, 2023, 8:00 PM IST

হাফলং, ২৫ জানুৱাৰী: শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰৰ নিৰ্মাণকাৰ্য দ্ৰুত গতিত চলিছে (Construction of Silchar Saurastra East West Corridor)। কাছাৰৰ বালাচৰাৰ পৰা ডিমা হাছাও জিলাৰ হাৰেংগাজাওলৈকে চলিছে এই নিৰ্মাণকাৰ্য । শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰৰ 31 কিলোমিটাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম অহা মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে (Construction of national highway at Dima Hasao)। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ (NHIDCL)অধীনত ইষ্ট-ৱেষ্ট ক'ৰিডৰৰ বালাচৰাৰ পৰা হাৰেংগাজাও অংশৰ নিৰ্মাণকাৰ্য চলিছে । এই চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ দায়িত্বত আছে সূচী ইনফ্ৰা প্ৰাইভেট লিমিটেড ।

উল্লেখ্য় যে বৰাইল অভয়াৰণ্যৰ বাবে দীৰ্ঘদিনৰ পৰা ইয়াৰ নিৰ্মাণ বন্ধ হৈ আছিল । বন বিভাগে এইক্ষেত্ৰত এনঅ'চি প্ৰদান নকৰা বাবেই বন্ধ হৈ আছিল এই ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম । এতিয়া বনবিভাগৰ পৰা এনঅ'চি লাভ কৰাৰ পিছতে ইয়াৰ নিৰ্মাণকাৰ্য দ্ৰুত গতিত আৰম্ভ হৈছে । নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি থকা বাবে অহা মাৰ্চৰ ভিতৰত 31 কিলোমিটাৰ সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে বুলি সূচী ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ সূত্ৰই সদৰী কৰিছে ।

ইপিনে, শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰৰ নিৰিমবাংলাৰ পৰা জাতিংগা আৰু জাতিংগাৰ পৰা হাৰেংগাজাওলৈ 49 কিলোমিটাৰ চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে গুজৰাটৰ দীনেশ চন্দ্ৰ আগৰৱালা ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণ সংস্থাটোক । এই অংশৰ নিৰিমবাংলা আৰু জাতিংগাৰ মাজতে এছ কাৰ্ভত চাৰি কিলোমিটাৰ এলিভেটেড পথৰ নিৰ্মাণ হ'ব । আনহাতে,যাতায়তৰ সূচলৰ বাবে জাতিংগাৰ হাৰেংগাজাওলৈকে থকা অংশৰ চাৰি কিলোমিটাৰ এলিভেটেড পথ নিৰ্মাণ কৰা হ'ব বুলি সংস্থাটোৰ সূত্ৰই উল্লেখ কৰিছে ।

ইতিমধ্যে নিৰ্মাণ সংস্থাটোৱে ছোটওয়াপু আৰু মিঞাক্ৰত দুটা কেম্প স্থাপন কৰিছে । এই নিৰ্মাণ সংস্থাটোৱে নিৰ্মানস্থলীত তেওঁলোকৰ মেচিন আৰু নিৰ্মান সামগ্ৰী আনিবলৈ আৰম্ভ কৰিছে । অহা ফেব্ৰুৱাৰীৰ পৰাই নিৰ্মাণ সংস্থাটোৱে কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে । 2024 চনৰ মাৰ্চৰ ভিতৰত এই 49 কিলোমিটাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সময় সীমা বান্ধি দিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । উল্লেখ্য় যে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধীনত নিৰিমবাংলাৰ পৰা জাতিংগা 24 কিলোমিটাৰ আৰু জাতিংগাৰ পৰা হাৰেংগাজাও লৈকে 25 কিলোমিটাৰ চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'লে যাতায়তৰ ক্ষেত্ৰত অধিক সূচল হৈ পৰিব ।

লগতে পঢ়ক:Poor transportation and electricity systems: লখিমপুৰ চহৰৰ গাতে লাগি থকা উন্নয়নৰ মুখ নেদেখা এখন গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.