ETV Bharat / state

Constituency delimitation: উন্নয়নৰ স্বাৰ্থত ডিমা হাছাও জিলাত সমষ্টি বৃদ্ধিৰ দাবী

বিধানসভা সমষ্টি বৃদ্ধিৰ দাবীৰে প্ৰতিবাদ ডিমা হাচাওত ৷ ‘ডিমা হাছাও জিলাৰ বৰ্তমান জনসংখ্যাৰ ওপৰত ভিত্তি কৰি দুখন নতুন সমষ্টিৰ প্ৰয়োজন আছে ৷ বিধানসভাত আমাৰ প্ৰতিনিধি মাত্ৰ এজন ৷ জিলাখনৰ উন্নয়নৰ স্বাৰ্থত বিধানসভা সমষ্টি বৃদ্ধি কৰিব লাগে ৷’ এই দাবী ডিমা হাছাও জিলা পুনৰ সমষ্টি নিৰ্ধাৰণ কমিটিৰ ৷

author img

By

Published : Jul 3, 2023, 8:05 PM IST

Constituency delimitation
উন্নয়নৰ স্বাৰ্থত ডিমা হাছাও জিলাত সমষ্টি বৃদ্ধিৰ দাবী

হাফলং 3 জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ লগে লগে সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ ডিমা হাছাও জিলাতো ৰাজনৈতিক দল, বিভিন্ন ছাত্ৰ সংগঠনে খচৰাখনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ কিয়নো পাহাৰীয়া জিলাখনত এটা বিধানসভা সমষ্টি ৷ দীৰ্ঘদিনৰ পৰা ডিমা হাছাও জিলাৰ বিভিন্ন দল-সংগঠনে দাবী কৰি আহিছিল ডিমা হাছাও জিলাত দুখনলৈ সমষ্টি বৃদ্ধি কৰিব লাগে ।

কিন্তু পৰিতাপৰ কথা দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত ডিমা হাছাও জিলাত নতুন কোনো সমষ্টি বৃদ্ধি কৰাৰ প্ৰস্তাৱ ৰখা নাই ৷ সেয়ে সোমবাৰে বিধানসভা সমষ্টি বৃদ্ধি কৰাৰ দাবীত ডিমা হাছাও জিলা পুনৰ সমষ্টি নিৰ্ধাৰণ কমিটিয়ে হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷ লগতে জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসৰ জৰিয়তে দেশৰ নিৰ্বাচন আয়োগলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

ডিমা হাছাও জিলা সমষ্টি পুনৰ নিৰ্ধাৰণ কমিটিৰ অধ্যক্ষ কল্যাণ দাওলাগাপুয়ে কয়, ‘দীৰ্ঘদিনৰ পৰা ডিমা হাছাও জিলাত সমষ্টি বৃদ্ধি কৰাৰ দাবী কৰি আহিছো ৷ কিন্তু সম্প্ৰতি দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাখনত ডিমা হাছাও জিলাত সমষ্টি বৃদ্ধি কৰাৰ প্ৰস্তাৱ ৰখা নাই । কিন্তু ডিমা হাছাও জিলাৰ বৰ্তমান জনসংখ্যাৰ ওপৰত ভিত্তি কৰি দুখন নতুন সমষ্টিৰ প্ৰয়োজন আছে ৷’’

ডিমা হাছাও জিলা সমষ্টি পুনৰ নিৰ্ধাৰণ কমিটিৰ সদস্য উত্তম লাংথাচাৰ দাবী ‘‘ডিমা হাছাও জিলাৰ ভৌগোলিক সীমান্ত প্ৰায় 5 হাজাৰ বৰ্গ কিলোমিটাৰ পৰ্যন্ত লোকসভাত আমাৰ কোনো প্ৰতিনিধি নাই ৷ বিধানসভাত আমাৰ প্ৰতিনিধি মাত্ৰ এজন ৷ ডিমা হাছাও জিলাৰ আন্তঃগাঁথনি উন্নয়ৰ লগতে জিলা খনৰ অৰ্থ-সামাজিক উন্নয়নৰ বাবে সমষ্টি বৃদ্ধি অত্যন্ত জৰুৰী হৈ পৰিছে।’’

লগতে পঢ়ক:Bihu World Record: বিশ্ব অভিলেখ গঢ়া কাৰ্বি আংলঙৰ বিহুৱা-বিহুৱতীক মাননি প্ৰদান মন্ত্ৰী যোগেন মহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.