ETV Bharat / state

Trinomool congress joining programme: কংগ্ৰেছ-বিজেপি এৰি তৃণমূল কংগ্ৰেছলৈ 4 শতাধিক লোক

ডিমা হাছাওত যোগদান কাৰ্যসূচী ৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধীনত থকা 27 নম্বৰ ডিগেৰ সমষ্টিৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নিবাং গাঁৱত কংগ্ৰেছ বিজেপি দল ত্যাগ কৰি 400 ৰো অধিক কংগ্ৰেছ আৰু বিজেপি দলৰ নেতা কৰ্মী তৃণমূল কংগ্ৰেছত যোগদান কৰে ।

Etv Bharat
Etv Bharat
author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 2:31 PM IST

ডিমা হাছাওত যোগদান কাৰ্যসূচী

হাফলং, 30 ছেপ্টেম্বৰ: ডিমা হাছাও জিলাত কংগ্ৰেছ বিজেপি দলত খহনীয়া । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ 27 নম্বৰ ডিগেৰ সমষ্টিত কংগ্ৰেছ-বিজেপি দল ত্যাগ কৰি 400 ৰো অধিক নেতা কৰ্মীয়ে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে শুকুৰবাৰে । ডিগেৰ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাবে জয়লাভ কৰাৰ পিছৰ পৰা ডিগেৰ সমষ্টিৰ বাবে একো কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে সাধাৰণ ৰাইজে । যাৰ ফলত ডিগেৰ সমষ্টিবাসীৰ মাজত বিজেপি দলৰ প্ৰতি ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে ।

শুকুৰবাৰে ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ প্ৰভাৰীৰ দায়িত্বত থকা তড়িৎ চট্টোপাধ্যায়ে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে । ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি আচিং জেমি আৰু সাধাৰণ সম্পাদক চেথমিন থাং খংচাই উপস্থিত থাকে এই যোগদান কাৰ্যসূচীত ৷ কংগ্ৰেছ বিজেপি দল ত্যাগ কৰি 400ৰো অধিক নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে ।

অনুষ্ঠানত আচিং জেমিয়ে সংবাদ মাধ্যমৰ আগত সমষ্টিবোৰত কোনোধৰণৰ উন্নয়ন নোহোৱাৰ বাবেই ৰাইজ বিজেপিৰ প্ৰতি বিৰক্ত হৈছে ৷ চেথমিন থাং খংচাইয়ে কয় ডিগেৰ সমষ্টিত 2007 চনৰ পৰা কোনো ধৰণৰ উন্নয়ন হোৱা নাই ৷ আনকি জলসিঞ্চন বিভাগৰ প্ৰকল্পসমূহত ব্যাপক দুৰ্নীতি হৈছে বুলিও অভিযোগ তোলে চেথমিন থাং খংচাইয়ে ৷ যাৰ বাবে ডিগেৰ সমষ্টিৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে বুলি কয় খংচাইয়ে ।

আগন্তুক পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপি দলক দলিয়াই পেলাব তথা ক্ষমতাচ্যুত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে চেথমিন থাং খংচাইয়ে ।

লগতে পঢ়ক : Youth abused in abroad : বহিঃৰাজ্যত শাৰিৰীক মানসিক নিৰ্যাতনৰ বলি অসমৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.