ডিমা হাছাও, 31 অক্টোবৰ : 2021 চনত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ডিমা হাছাও জিলাত বিজেপি দলে এক প্ৰকাৰ প্ৰস্তুতি আৰম্ভ কৰিছে । শনিবাৰে মাইবাং দিছৰো কালচাৰেল ক্লাৱত ডিমা হাছাও জিলা বিজেপিৰ ST মৰ্চাৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ।
মাইবাঙত অনুষ্ঠিত বিজেপি ST মৰ্চাৰ কাৰ্যনিৰ্বাহ সভাত উপস্থিত হৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সিইএম দেৱলাল গাৰ্লচাই আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে জিলাৰ বিজেপি নেতাকৰ্মী সকলক সাজু হোৱাৰ আহ্বান জনাই কয় যে,অহা বিধানসভা নিৰ্বাচনত ৰাজ্যত সংখ্যা গৰিষ্ঠতালৈ বিজেপি দল শাসনত আহিব আৰু 16 নম্বৰ হাফলং উপজাতি সংৰক্ষিত সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়লাভ নিশ্চিত বুলি মন্তব্য প্ৰদান ।
লগতে পঢ়ক : নলবাৰীত বিজেপিৰ একতাৰ দৌৰ কাৰ্যসূচী ৰূপায়ণ
তেওঁ আগন্তক নিৰ্বাচনৰ বাবে বিজেপিৰ সকলো নেতাকৰ্মীক দলৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰি যোৱাৰ আহ্বান জনায় । ইপিনে,বিজেপি ST মৰ্চাৰ কাৰ্যনিৰ্বাহ সমিতিৰ সভাত ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধনপাইনন থাওচেনে কয় যে,অহা বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলে জিলাৰ বিভিন্ন ঠাইত সভা সমিতি কৰি আহিছে আৰু হাফলং সমষ্টিত বিজেপি দলে আগন্তুক নিৰ্বাচনত ৰাজ্যৰ 126 খন সমষ্টিত ভাল ফলাফল দেখুওৱাবলৈ সক্ষম হ'ব বুলি সভাত মন্তব্য কৰে বিজেপি জিলা সভাপতি ধনপাইনন থাওচেনে ।
লগতে পঢ়ক : সীমান্তত মিজো দুষ্কৃতিকাৰীৰ ভয়ত ঘৰবাৰী এৰি পলাইছে অসমীয়াই