ETV Bharat / state

PM Jan Arogya Yojana: হাফলঙত আয়ুস্মান ভাৰত কাৰ্ড বিতৰণ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ - Minister Nandita Garlosa

শুকুৰবাৰে ডিমা হাছাও দিলাৰ হাফলঙত বিতৰণ কৰা হ’ল আয়ুস্মান ভাৰত কাৰ্ড ৷ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লোছা ৷ ডিমা হাছাও জিলাৰ EKYC পৰ্টেলত 92 হাজাৰ 984 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে (Ayushman Bharat Card distribution) ৷

PM Jan Arogya Yojana
PM Jan Arogya Yojana
author img

By

Published : Jun 9, 2023, 4:55 PM IST

হাফলঙত আয়ুস্মান ভাৰত কাৰ্ড বিতৰণ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ

হাফলং 9 জুন: প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ (PM Jan Arogya Yojana) জৰিয়তে দেশৰ দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা লোকসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসাৰ বাবে আয়ুস্মান কাৰ্ড বিতৰণ কৰা হৈছে ৷ শুক্ৰবাৰ ডিমা হাছাও জিলা প্ৰশাসনৰ উদ্যোগত এক অনুষ্ঠানত আয়ুস্মান কাৰ্ড হিতাধিকাৰীসকলক বিতৰণ কৰা হয় ৷

হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাজ্যৰ শক্তি, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচা, জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাসৰ উপস্থিতিত আনুষ্ঠানিকভাৱে 65 গৰাকী হিতাধিকাৰীক আয়ুস্মান কাৰ্ড বিতৰণ কৰা হয় ৷ এই অনুষ্ঠানত লগতে উপস্থি থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপু, পাৰ্বত্য পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য নিপোলাল হোজাই, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ লিনা হাকমকচা আৰু স্বাস্থ্য বিভাগৰ উপ-সচিব ৰেবেকা চাংছন (Ayushman Bharat Card) ৷

অনুষ্ঠানত ৰাজ্যৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই (Minister Nandita Garlosa) কয়, ‘‘আয়ুস্মান কাৰ্ডৰ জৰিয়তে চিকিৎসাৰ বাবে ৰাজ্যৰ দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা লোক সকলক 5 লাখ টকাৰ সাহায্য আগবঢ়োৱা হ’ব । ৰেছন কাৰ্ড আৰু আধাৰ কাৰ্ড থকা দৰিদ্ৰ লোকসকলে আয়ুস্মান কাৰ্ড লাভ কৰিব ৷’’

ডিমা হাছাও জিলাৰ EKYC পৰ্টেলত 92 হাজাৰ 984 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ ইয়াৰ মাজত 63 হাজাৰ 524 গৰাকী লোকৰ EKYC সম্পূৰ্ণ হৈছে বুলিও তেওঁ কয় ৷

মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদক এই আয়ুস্মান কাৰ্ডৰ বাবে পাহাৰীয়া জিলাৰ গাঁৱসমূহৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ আহ্বান জনায় ৷ ডিমা হাছাও জিলাৰ 5 খন উন্নয়ন খণ্ডৰ মাজত দিয়ুংভেলি উন্নয়ন খণ্ডৰ অধীনত 19 হাজাৰ 723 গৰাকী লোক, দিয়ুংব্ৰাত 5 হাজাৰ 365 গৰাকী লোক, হাৰেংগাজাওত 9 হাজাৰ 483 গৰাকী লোক, জাতিংগা ভেলিত 8 হাজাৰ 848 গৰাকী লোক আৰু সাংবাৰ উন্নয়ন খণ্ডত 6 হাজাৰ 215 গৰাকী লোকে আয়ুস্মান কাৰ্ড লাভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ এই কাৰ্ডৰ বাবে আবেদন নকৰা লোকসকলকো শীঘ্ৰেই আবেদন কৰাৰ বাবে আহ্বান জনায় (Apply for Ayushman card) ৷

লগতে পঢ়ক: Bamuni hills: চৰকাৰৰ অৱহেলাৰ বাবে পৰ্যটনস্থলীৰ পৰা বঞ্চিত তেজপুৰৰ বামুণী পাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.