ETV Bharat / state

Awareness on G20 summit in Dima Hasao : হাফলং কলেজত আলোচনা চক্ৰ

author img

By

Published : Jan 30, 2023, 3:38 PM IST

জি-২০ শীৰ্ষক সন্মিলন সম্পৰ্কত ডিমা হাছাও জিলাত আয়োজন কৰা হৈছে ব্যাপক সজাগতা কাৰ্যসূচীৰ (Awareness on G20 summit in Dima Hasao)। 29 আৰু 30 জানুৱাৰীত দুদিনীয়াকৈ আয়োজিত কৰা হৈছে এই সন্মিলনৰ ।

Awareness on G20 summit in Dima Hasao
হাফলং কলেজত আলোচনা চক্ৰ

হাফলং কলেজত আলোচনা চক্ৰ

হাফলং, 30 জানুৱাৰী : নতুন দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠিত হ'বলগীয়া জি ২০ শীৰ্ষক সন্মিলন উপলক্ষে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ডিমা হাছাও জিলা প্ৰশাসনেও সজাগতা অভিযানৰ বাবে বিশেষ তৎপৰতাৰে কাৰ্যসূচী গ্ৰহণ কৰিছে (G20 Summit at Pragati Maidan in New Delhi) । দেশৰ বিভিন্ন প্ৰান্তত জি 20 সন্মিলন সন্দৰ্ভত গণ সজাগতা গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ নিৰ্দেশত জি 20 সন্মিলনৰ অংশ হিচাবে Y 20 সন্মিলনৰ বাবে হাফলং চৰকাৰী কলেজত এক সন্মিলনৰ অনুষ্ঠিত হয় । 29 আৰু 30 জানুৱাৰী দিনা অনুষ্ঠিত হয় এই সন্মিলনৰ (Quiz in Haflong govement College) ।

দক্ষতা বিকাশৰ জৰিয়তে ৱাই 20 ৰ সৈতে দেশৰ লগতে যুৱকসকলক নিয়োগ কৰা আছিল এই চেমিনাৰৰ মূল বিষয় । প্ৰথম দিনা সন্মিলনৰ বিষয় বস্তু আছিল Environment and Sustainable Development ৷ বিষয়টো সন্দৰ্ভত হাফলং চৰকাৰী কলেজত শিক্ষাৰ্থীসকলৰ মাজত এক আলোচনা চক্ৰ অনুষ্ঠিত হয় । সন্মিলনত ছাত্ৰ ছাত্ৰী সকলে নিজৰ মতামত উপস্থিত ব্যক্তিসকলৰ আগত তুলি ধৰে । জি 20 সন্মিলনৰ অংশ হিচাবে হাফলং চৰকাৰী কলেজত অনুষ্ঠিত Y 20 সন্মিলনত মুখ্য অতিথি হিচাবে উপস্থিত আছিল ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা (Power minister Nandita Garlosa)।

ইয়াৰ উপৰিও সন্মিলনখনত উপস্থিত আছিল ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য বিজিত লাংথাচা, পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপু, হাফলং চৰকাৰী কলেজৰ অধ্যক্ষ মুধুমিতা দাওলাগাপু । এই সন্মিলনত বিভিন্ন বিষয়ৰ ওপৰত নিজৰ মতামত তুলি ধৰে হাফলং চৰকাৰী কলেজৰ সহকাৰী অধ্যক্ষ দীনেশ তিৱাৰী, দেৱীকা বাটাৰি, আমৰিন খান, হাফলং চৰকাৰী কলেজৰ ছাত্ৰী অসমিকা হোজাই আৰু ছাত্ৰ অনজয় কেম্প্ৰায়ে (Awareness on G20 summit in Dima Hasao) ।

অন্যহাতে Y 20 সন্মিলনৰ অংশ হিচাবে যোৱা 20 জানুৱাৰীত অনুষ্ঠিত বিতৰ্ক আৰু কুইজ প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ-ছাত্ৰীৰ হাতত বঁটা তুলি দিয়ে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু জিলা উপায়ুক্ত নাজৰিন আহমেদে । বিতৰ্ক প্ৰতিযোগিতাত প্ৰথম বঁটা যৌথভাৱে লাভ কৰে হাফলং চৰকাৰী কলেজৰ অসমিকা হোজাই আৰু ডনবস্ক’ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ চেংকলৰ জেমচ চিংটনে ৷ দ্বিতীয় বঁটা লাভ কৰে হাফলং চৰকাৰী বয়েজ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ বাউমাজাং দিবৰাগেদে । কুইজ প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে মেলিদা পাৱলীয়েন আৰু সুজল জৈশীয়ে ।

লগতে পঢ়ক : Taliban ban women’s education: মহিলাৰ উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত পুনৰ ফটোৱা জাৰি তালিবানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.