ETV Bharat / state

বেলি ওলোৱাৰ পিচত বনভোজলৈ যাওক; বেলি বহাৰ আগতেই উভতি আহক: মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 7:47 PM IST

Dergaon Bus Accident: ডেৰগাঁৱৰ শোকাৱহ বাছ দুৰ্ঘটনাৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ৰাইজক সূৰ্যোদয়ৰ পিচতহে বনভোজলৈ যাবলৈ অনুৰোধ ৷ বনভোজকাৰীৰ বাবে নতুনকৈ এছ অ’ পি প্ৰকাশ ৷

Dergaon Bus accident
SOP for picnic parties
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 3 ডিচেম্বৰ: বুধবাৰে পুৱতি নিশা গোলাঘাট জিলাৰ দেৰগাঁৱত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিশু আৰু মহিলাসহ 12 গৰাকীয়ে ৷ তাৰ পিচতেই এই দুৰ্ঘটনাক লৈ মত প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয় যে সঠিক সংকেত চিহ্ন নথকাৰ বাবে নহয়, কুঁৱলীৰ বাবেহে দেৰগাঁৱৰ ভয়ানক পথ দুৰ্ঘটনা হ’বলৈ পালে ৷ সেয়ে, বনভোজকাৰী দল সমূহক সূৰ্যোদয় নোহোৱালৈকে ওলায় নাযাবলৈ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

উল্লেখ্য যে চাৰিদিনীয়া কাৰ্যসূচীৰে ডিমা হাছাওত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ তাৰ মাজতে সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে জনায় যে বনভোজ সন্দৰ্ভত আজি এক এছ অ’ পি প্ৰকাশ কৰা হৈছে ৷ এই এছ অ’ পি অনুসৰি বেলি উঠাৰ পিছতহে বনভোজকাৰীয়ে যাত্ৰা আৰম্ভ কৰিব পাৰিব আৰু সূৰ্যাস্তৰ পূৰ্বেই আহি পাব লাগিব ৷

ওমৰাংচুত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, “দুৰ্ঘটনাটোৰ আটাইতকৈ ডাঙৰ কথা হ’ল যে কুঁৱলীৰ মাজত পু্ৱা চাৰে চাৰি বজাতে মানুহে পিকনিক আৰম্ভ কৰিব নালাগে ৷ আজি আৰক্ষীয়ে SOP দিছে যে কুঁৱলী শেষ হোৱাৰ পিছতহে গাড়ী চলাব পাৰিব পিকনিকৰ ৷ আকৌ কুঁৱলী আৰম্ভ হোৱাৰ আগতেই আহি পাব লাগিব ৷”

সংকেত চিহ্ন নথকা প্ৰসংগতো মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,“সংকেত চিহ্ন থাকিলেও কুঁৱলীৰ বাবে ক’ত দেখিব ৷ পুৱা চাৰে চাৰি বজাতে তেওঁলোক ওলাই গৈছে ৷ তেওঁলোকেতো একোৱেই দেখা নাপাব ৷ আমিতো সংকেত চিহ্ন হাতেৰে ঠিক কৰি দিম, কিন্তু কুঁৱলীৰ বাবে তিনিটা-চাৰিটা বজাতে ওলাই গ’লে এইদৰে দুৰ্ঘটনা হৈয়ে থাকিব ৷ সেয়ে সূৰ্য নোলোৱালৈকে আমি এনে যাত্ৰা এৰাই চলিব লাগে ৷”

লগতে পঢ়ক: পৰিবহন বিভাগে মানুহৰ চৰিত্ৰ সংশোধন কৰিব নোৱাৰে : পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.