হাফলং, 28 অক্টোবৰ : ডিএইচডি আৰু ডিএইচডি (জে) উগ্ৰপন্থী সংগঠনৰ পিচতে শনিবাৰে বিয়লি হাফলং জিলা খেলপথাৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত ডিমাছা নেচনেল লিবাৰেচন আৰ্মি চুমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ 179 গৰাকী সদস্যই আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰি অস্ত্ৰ-শস্ত্ৰ তুলি দিয়ে ৷ ইয়াৰ পিচতে আত্মসমৰ্পণ কৰা উগ্ৰপন্থী সংগঠনৰ সদস্য সকলৰ পুনৰ্বাচনৰ বাবে 4 লাখ টকাকৈ বিত্তীয় সাহাৰ্য তুলি দিয়ে মুখ্যমন্ত্ৰীয়ে ৷
ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ আত্মসমৰ্পণ অনুষ্ঠানত আকৌ এবাৰ আলফাক আলোচনাৰ মাজলৈ অহাৰ আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীজনে কয় যে, ডিএনএলএই চৰকাৰৰ ওচৰত আজি অস্ত্ৰ-শস্ত্ৰ জমা দি ৰাষ্ট্ৰীয় জীৱনৰ মূলসুঁতিলৈ ঘূৰি আহিছে ৷ তেওঁ কয় ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ সদস্যসকলে আত্মসমৰ্পণ কৰাৰ পিচতে এতিয়া ৰাজ্যত মুঠ 7 হাজাৰ 220 গৰাকী উগ্ৰপন্থী সংগঠনৰ সদস্যই আত্মসমৰ্পণ কৰাৰ উপৰিও 1,700 সক্ৰিয় বন্দুক জমা দিছে ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এতিয়া ডিমা হাছাও আৰু কাৰ্বি-আংলংত কোনো উগ্ৰপন্থী সংগঠন নাই ৷ তেওঁ কয় যে, ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ উপস্থিতিত শান্তি চুক্তি স্বাক্ষৰিত হৈছে আৰু এই শান্তি চুক্তিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত প্ৰতি তিনি মাহ চাৰি মাহৰ মূৰে মূৰে আলোচনা অনুষ্ঠিত হ’ব ৷ লগতে ডিমা হাছাও জিলাত এতিয়া শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে, যাৰ বাবে ডিমা হাছাও জিলাৰ বাট-পথ সমূহৰ উন্নয়নৰ বাবে বিশ্ব বেংক, অসম চৰকাৰ আৰু এডিবিয়ে 6 হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ পদক্ষেপ লৈছে বুলি কয় তেওঁ ৷
ইতিমধ্যে কিছু পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে আৰু কিছু পথ নিৰ্মাণৰ কাম বাকী আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ডিমা হাছাও জিলাৰ মাজেদি চলি থকা শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰ, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম 2026 চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব ৷ তদুপৰি জলজীৱন মিছন আঁচনি, অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম পূৰ্ণ গতিত চলিছে আৰু এই সকলো আঁচনিৰ কাম সম্পূৰ্ণ হলে পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা, বিকাশৰ দৃষ্টিভংগীৰ পৰা ডিমা হাছাও জিলা অসমৰ ভিতৰত এক অগ্ৰণী জিলা হিচাবে পৰিগণিত হ’ব বুলি মন্ত্যব কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
এই অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ডিমা হাছাও জিলাত এখন মডেল ডিগ্ৰী কলেজ আৰু পলিটেকনিক কলেজৰ শুভাৰম্ভ কৰে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত আছিল মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱা, যোগেন মহন, নন্দিতা গাৰ্লোচা, কাৰ্বি-আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথ আৰু ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কোটা ৷
ইফালে ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ মুখ্য সেনাধ্যক্ষ নাইডিং ডিমাছাই কয় যে, আত্মসমৰ্পণৰ পিচতে দেওবাৰৰ পৰা ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ ডেজিগনেটেড কেম্প নাথাকে ৷ উগ্ৰপন্থী সংগঠনৰ সকলো সদস্য নিজৰ ঘৰলৈ যাব ৷ ভাঙি দিয়া হব ডিএনএলএ উগ্ৰপন্থী সংগঠন ৷
লগতে পঢ়ক : Dergaon incident : খাকী পোছাকত আৰক্ষীয়ে আসুৰিক তৃপ্তি লাভ কৰে: মীৰা বৰঠাকুৰ