ETV Bharat / state

হাফলংত অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে সকলো ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ - কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ ভয়ংকৰ হাৰত বৃদ্ধি

হাফলং চহৰত বৃদ্ধি পাইছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ হাফলং চহৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানৰ বাহিৰে সকলো দোকান পোহাৰ বন্ধ কৰি দিছে হাফলং নগৰ সমিতিয়ে ৷

allow-essential-commudities-only-amids-covid-in-haflong
হাফলংত অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে সকলো ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ
author img

By

Published : May 26, 2021, 9:52 PM IST

ডিমা হাছাও, 26 মে': ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰৰ পৰা হাফলং চহৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানৰ বাহিৰে সকলো দোকান পোহাৰ বন্ধ কৰি দিছে হাফলং নগৰ সমিতিয়ে । ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলংত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ ভয়ংকৰ হাৰত বৃদ্ধি পোৱাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ এই সিদ্ধান্ত । হাফলং চহৰত এতিয়াৰ পৰা পুৱা 6 বজাৰ দিনৰ 11 টা বজালৈকে মাত্ৰ গেলামাল, শাক পাচলি, মাছ-মাংস, কণী দোকান, বেকাৰী ফাৰ্মাচী খোলা থাকিব ৷

আনহাতে কৰ'ণাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনত বাকি সকলো দোকান-পোহাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান হোটেল ৰেষ্টুৰেণ্ট অনিৰ্দিষ্ট কালৰ বাবে বন্ধ থাকিব ৷ এইপৰ্যন্ত ডিমা হাছাও জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা 1121 গৰাকী লৈ বৃদ্ধি হৈছে ৷

মঙলবাৰৰ দিনটোত জিলাখনত 77 গৰাকী লোক নতুনকৈ ক’ভিড-19ত আক্ৰান্ত হৈছে ৷ ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে হাফলং অসামৰিক চিকিৎসালয়ত ক’ভিড ৰোগী সকলৰ বাবে বিচনাৰ অভাৱ দেখা দিছে ।

ইয়াৰ লগে লগে জটিল ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে আৰু এই জটিল ৰোগী সকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পঠিয়াব লগা হৈছে ৷ জিলা স্বাস্থ্য বিভাগে সদৰি কৰা এক তথ্য অনুসৰি জিলাখনত ক’ভিডৰ পৰা সুস্থ হোৱা ৰোগীৰ সংখ্যা 339 গৰাকী ৷

আনহাতে, মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা 750 গৰাকী ৷ ইয়াৰে 78 গৰাকী ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ উপৰিও 658 গৰাকী ৰোগী হোম আইচ'লেশ্যনত আছে ৷ জিলাখনৰ 7 গৰাকীকৈ লোক ক’ভিড-19 আক্ৰান্ত হৈ মৃত্যু হৈছে ।

লগতে পঢ়ক : পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ ৱাৰ্ড সদস্যৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.