ডিমা হাছাও 15 ডিচেম্বৰ: ৰাজ্যত আৰম্ভ হ'ল নতুন এখন টোল প্লাজা ৷ এইবাৰ ডিমা হাছাও জিলাৰ মানদাৰডিছাত এই টোল প্লাজা আৰম্ভ হৈছে মংগলবাৰৰ পৰা ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনৰ নিৰ্দেশত হঠাতেই আৰম্ভ হয় এই এই টোল প্লাজাখন ।
মানদাৰডিছাত হঠাতেই আৰম্ভ হোৱা টোল প্লাজাখনৰ বাবে সমস্যাত পৰিছে এতিয়া সাধৰণ জনতা ৷ 1 জানুৱাৰীৰ পৰা এই টোল প্লাজাখন আৰম্ভ হোৱাৰ কথা আছিল যদিও আজিৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিৰ্দেশত আৰম্ভ হয় টোল প্লাজা খন ৷
অন্য এক খবৰৰ বাবে: তেজপুৰত যান্ত্ৰিক বিজুতি ঘটি দুৰ্ঘটনাত পতিত হ'ল এখন ৰে'ল
উল্লেখ্য যে, বৰ্তমানেও সম্পূৰ্ণ হোৱা নাই এই টোল প্লাজা খনৰ কাম । ইয়াৰ উপৰিও শিলচৰ-সৌৰাষ্ট্ৰৰ ইষ্ট-ৱেষ্ট কৰিডৰ চাৰিলেন ঘাইপথ নিৰ্মাণৰ কামো সম্পূৰ্ণ হোৱা নাই ৷ ডিমা হাছাও জিলাৰ ইনৰিম বাংলোৰ পৰা জাতিংগা, জাতিংগাৰ পৰা হাৰেংগাজাও আৰু হাৰেংগাজাৱৰ পৰা বালাচৰালৈকে চাৰিলেন ঘাইপথ শোচনীয় অৱস্থাত বৰ্তমান । ইয়াৰ মাজতে মানদাৰডিছাত এই টোল প্লাজা আৰম্ভ হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া যাত্ৰীসকলৰ মাজত ৷