ETV Bharat / state

চেন্নাইত আৱদ্ধ ডিমা হাছাওৰ 53 গৰাকী যুৱক-যুৱতী - দেৱলাল গাৰ্লচা

চেন্নাইত আৱদ্ধ ডিমা হাছাওৰ 53 গৰাকী যুৱক-যুৱতীৰ মাজত হাহাকাৰ । তেঁওলোকে নিজ নিজ গৃহলৈ উভটি অহাৰ ক্ষেত্ৰত সহায় কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল যদিও চৰকাৰে কোনো গুৰুত্ব আৰোপ নকৰিলে । পথৰ কাষতে এখন উৰণীয়া সেঁতুৰ তলত থকা যুৱক-যুৱতীৰ দলটোৰ লগত আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ ।

53 persons from Dima Hasao are locked in Chennai
চেন্নাইত আৱদ্ধ ডিমা হাছাওৰ 53 জন যুৱক-যুৱতীৰ মাজত হাহাকাৰ
author img

By

Published : May 19, 2020, 3:21 PM IST

ডিমা হাছাও,19 মেঃ চেন্নাইত কৰ্মৰত ডিমা হাছাও জিলাৰ 53 গৰাকী যুৱক যুৱতীৰ মাজত হাহাকাৰ । পথৰ কাষত বহি আৰ্তনাদ কৰি উঠে যুৱক-যুৱতী সকলে । উল্লেখ্য যে, চেন্নাইৰ বিভিন্ন কোম্পানীত কৰ্মৰত হৈ আছিল যুৱক-যুৱতীসকল । কিন্তু লক ডাউনৰ মাজতে কৰ্ম সংস্থাপন হেৰুওৱাৰ ফলত তীব্ৰ আৰ্থিক সংকটত ভূগিছে যুৱক-যুৱতীসকল ।

তেঁওলোকে নিজ নিজ গৃহলৈ উভটি অহাৰ ক্ষেত্ৰত সহায় কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল যদিও চৰকাৰেও কোনো গুৰুত্ব আৰোপ নকৰিলে । পথৰ কাষতে এখন উৰণীয়া সেঁতুৰ তলত থকা যুৱক-যুৱতীৰ দলটোৰ লগত দুৰ্ব্যৱহাৰ কৰে আৰক্ষীৰ লোকে ।

চেন্নাইত আৱদ্ধ ডিমা হাছাওৰ 53 জন যুৱক-যুৱতী

আনহাতে, এই যুৱক-যুৱতীসকলৰ সাহাৰ্যৰ বাবে আগবাঢ়ি আহে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা । তেঁওলোকে নিজ গৃহলৈ উভটি অহাৰ বাবে তেঁওলোকৰ একাউন্টত 1 লাখ 6 হাজাৰ টকা প্ৰদান কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ।

লগতে পঢ়ক- ভাৰতত COVID-19 আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে লাখৰ ঘৰ, মৃত 3,163

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.