হাফলং, 30 জুলাই : শিলচৰ NIT ৰ হোষ্টেলত তিনিগৰাকী ৰান্ধনীক গণপ্ৰহাৰৰ ঘটনাৰ পিচতে নিলম্বিত হ’ল নিৰাপত্তাৰ দায়িত্বত থকা তিনিগৰাকী কৰ্মচাৰী ৷ ৱিকি ৰি, মনা দাস আৰু দৰ্পণ ৰাজকুমাৰক শিক্ষা প্ৰতিষ্ঠানখনৰ ছাত্ৰই দলৱদ্ধ আক্ৰমণ চলোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিচতে আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনা সন্দৰ্ভত তদন্ত । NIT কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো তদন্ত কৰাৰ বাবে 15 জনীয়া এখন তদন্ত কমিটি গঠন কৰি দিছে ।
এই তদন্ত কমিটিয়ে সমগ্ৰ ঘটনাটো তদন্তৰ প্ৰতিবেদন অহা 4 আগষ্টত NIT কৰ্তৃপক্ষক দাখিল কৰিব বুলি জানিবলৈ দিছে । উল্লেখ্য যে, শিলচৰ NIT ৰ 4 নম্বৰ হোষ্টেলৰ এগৰাকী ছাত্ৰৰ ম’বাইল চুৰি হোৱাৰ সন্দেহত একাংশ ছাত্ৰই তিনি ৰান্ধনীক দলৱদ্ধ আক্ৰমণ কৰে । এই আক্ৰমণত ৱিকি ৰি, মনা দাস আৰু ৰাজকুমাৰ দুষাদ গুৰুতৰভাৱে আহত হয় ।
উল্লেখ কৰা প্ৰয়োজন যে, গণ প্ৰহাৰৰ সমগ্ৰ ঘটনাটোৰ সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টোত নিৰাপত্তাকৰ্মী ঘটনাস্থলীত উপস্থিত থকা পৰিলক্ষিত হৈছিল । অভিযোগ মতে তিনি ৰান্ধনীক একাংশ ছাত্ৰই দলৱদ্ধভাবে আক্ৰমণ কৰাৰ পিচতে তিনিগৰাকী ৰান্ধনীক নিৰাপত্তাকৰ্মীসকলৰ উপস্থিতিত পুনৰ আক্ৰমণ চলোৱা হয় । এই কথা উল্লেখ কৰি ভুক্তভোগী দৰ্পণ ৰাজকুমাৰে ঘংঘুৰ থানাত এজাহাৰ দাখিল কৰে ।
এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ শনিবাৰে কাছাৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যান কুমাৰ দাস, শিলচৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত কুমাৰ সিং, আৰু ঘুংঘুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বুদ্ধিৰাম মুক্তিয়াৰ শিলচৰ NIT ত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।
অৱশ্যে ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো ছাত্ৰক গ্ৰেপ্তাৰ কৰা হোৱা নাই । ঘটনাটোক কেন্দ্ৰ কৰি নিলম্বিত হোৱা নিৰাপত্তাৰক্ষীক কেইজন হৈছে ইবুং ইয়ানাম সিং, ৰাজকুমাৰ নুনিয়া আৰু অনিল নুনিয়া ।
লগতে পঢ়ক : Silchar NIT: হোষ্টেলৰ ৰান্ধনীক প্ৰহাৰ কৰা ছাত্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল’ব শিলচৰ NIT কৰ্তৃপক্ষই