ETV Bharat / state

সোমবাৰৰ পৰা ডিমা হাছাওত 14 দিনৰ পূৰ্ণ পৰ্যায়ৰ লক ডাউন

author img

By

Published : Jul 4, 2020, 6:21 PM IST

শুকুৰবাৰে ডিমা হাছাওত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ কাৰ্যনিৰ্বাহক সমিতি আৰু জিলা প্ৰশাসনে এখন বৈঠক অনুষ্ঠিত কৰি, অহা সোমবাৰৰ পৰা জিলাখনত 14 দিনৰ বাবে পূৰ্ণ পৰ্যায়ৰ লক ডাউন জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ডিমা হাছাও
ডিমা হাছাও

ডিমা হাছাও, 4 জুলাইঃ শনিবাৰে সাপ্তাহিক লক ডাউনৰ দিনটোত সম্পূৰ্ণ স্তব্ধ হৈ পৰিল ডিমা হাছাও জিলা । আনহাতে সোমবাৰৰ পৰা ডিমা হাছাও জিলাত 14 দিনৰ বাবে পূৰ্ণ পৰ্যায়ৰ লক ডাউন ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই । শুকুৰবাৰে পৰিষদৰ কাৰ্যনিৰ্বাহক সমিতি আৰু জিলা প্ৰশাসনে অনুষ্ঠিত কৰে এখন জৰুৰী বৈঠক । বৈঠকত অহা সোমবাৰৰ পৰা 14 দিনৰ বাবে জিলা খনত পূৰ্ণ পৰ্যায়ৰ লক ডাউন জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

সোমবাৰৰ পৰা ডিমা হাছাওত জাৰি 14 দিনৰ পূৰ্ণ পৰ্যায়ৰ লক ডাউন

উল্লেখ্য যে, জিলাখনত ইতিমধ্যে কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নোহোৱাকৈয়ে 6 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণাৰ অৱস্থিতি । ইয়াৰ মাজত 5 গৰাকী লোক অসম আৰক্ষীৰ জোৱান বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ বৰপেটাৰ তিনিটা চৰকাৰী কাৰ্যালয়ত কৰ'ণা, নিষিদ্ধ এলেকা ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.