মৰাণ, 13 ছেপ্টেম্বৰ : ডিব্ৰুগড়ৰ বুঢ়ীদিহিং নদীৰ ভয়াৱহ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে কলাখোৱা অঞ্চলৰ ৫৫ খনকৈ গাঁৱলৈ । খহনীয়াৰ কৱলত ইতিমধ্যে সৰ্বস্বান্ত হৈছে বহু পৰিয়াল । নদীত জাহ গৈছে অঞ্চলটোৰ কৃষি ভূমি । আৰু মাত্ৰ ১০ মিটাৰ খহি গ’লেই দিহিং নদীৰ বুকুত চিৰকালৰ বাবে নিচিহ্ন হ'ব প্ৰায় ৫৫ খনকৈ গাঁৱৰ ৰক্ষাকৱচ হিচাপে থকা দিহিং নদীৰ মথাউৰিটো ।
চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে মাজে-সময়ে বাঁহ-কাঠৰ পাৰ্কুপাইন সংস্থাপন কৰিছে যদিও ইতিমধ্যে সকলো খহনীয়াত জাহ গৈছে । গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে বছৰ বছৰ ধৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাই অহাৰ পাছতো কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ চৰকাৰৰ প্ৰতি বিশ্বাস হেৰুৱাই সেয়ে নদীৰ পাৰত চকুলো মচি শৰাই আগবঢ়ায় মৰাণৰ অতিকৈ দুৰ্গম অঞ্চল ইটাখুলি, দিহিং থান গাঁও, শিঙৰী, চৰাইবাহী আদি গাঁৱৰ ৰাইজে ৷
নদীৰ কাষত আঁঠু লৈ নেদেখাজনলৈ কাতৰ প্ৰাৰ্থনা কৰি গৰাখহনীয়া ৰোধৰ বাবে কাকুতি-মিনতি কৰে আই মাতৃসকলে । কিন্তু এই প্ৰাৰ্থনাই ৰাইজক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিব পাৰিব নে ? ৰাইজৰ প্ৰাৰ্থনাত সাৰ পাব জানো ৰজাঘৰীয়া ?
লগতে পঢ়ক : পুখুৰীত ওলাইছে বস্তাই বস্তাই ATM-আধাৰ কাৰ্ড