ডিব্ৰুগড়, 7 জুলাই : ৰাজ্যত পুনৰ সংঘটিত হৈছে ডাইনী কাণ্ড (witch hunting) ৷ টিংখাঙৰ বামুণবাৰী চাহ বাগিচাত (Bamunbari tea estate) এগৰাকী মহিলাক ডাইনীৰ সন্দেহত স্থানীয় একাংশ লোকে কৰি আহিছিল মানসিক নিৰ্যাতন ৷ এজন বেজে অঞ্চলটোত এগৰাকী ডাইনী আছে বুলি কোৱাৰ পিছতে মহিলাগৰাকীক ডাইনী বুলি সন্দেহ কৰে একাংশ লোকে ।
বিগত 3 জুলাইত মহিলা গৰাকীক স্থানীয় একাংশ লোকে মানসিক নিৰ্যাতন চলোৱাৰ উপৰিও মাৰিবলৈ উদ্যত হয় ৷ এই সন্দৰ্ভত মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰ চপাত আৰক্ষীয়ে গাঁওবাসীক সকিয়নী প্ৰদান কৰাৰ পিছতহে পৰিস্থিতি শান্ত হয় ৷ ইয়াৰ পিছতে পুনৰ সন্ধিয়া মহিলাগৰাকীৰ ঘৰলৈ গৈ আক্ৰমনৰ চেষ্টা চলায় একাংশ গাঁওবাসীয়ে ৷
পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাত আত্মীয়ৰ ঘৰত আশ্ৰয় ল’বলগীয়া হয় ভুক্তভোগী মহিলাগৰাকীয়ে ৷
অঞ্চলটোত পৰিস্থিতি স্বাভাৱিক আৰু সজাগ কৰি তুলিবৰ বাবে স্বেচ্ছাসেৱী সংগঠন 'আলোক অভিযান' আৰু কেইগৰাকীমান সচেতন যুৱকে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু আশ্বৰ্যজনকভাৱে আৰক্ষীয়ে এইক্ষেত্ৰত সম্পূৰ্ণ নিৰৱ ভূমিকা গ্ৰহণ কৰিছে ৷ ভুক্তভোগী মহিলাগৰাকীয়ে সন্মুখীন হৈ অহা নিৰ্যাতন সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিছতো অভিযুক্ত লোকসকলৰ লগতে তান্ত্ৰিক গৰাকীৰ ওপৰতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে ৷
উল্লেখ্য যে, ৰাজ্যত ডাইনী হত্যা (witch hunting) আইনমতে দণ্ডনীয় যদিও সময়ে সময়ে পোহৰলৈ আহিছে ডাইনীৰ সন্দেহত বিভিন্ন লোকৰ ওপৰত হৈ অহা নিৰ্যাতনৰ ঘটনা ৷ বিগত বৰ্ষৰ অক্টোৱৰত কাৰ্বি আংলঙৰ ডকমকাত ডাইনীৰ সন্দেহত 50 বৰ্ষীয় এগৰাকী মহিলাক হত্যা কৰা হৈছিল ৷ গাঁওখনৰ 28 বৰ্ষীয় এগৰাকী যুৱতীৰ মৃত্যুৰ বাবে মহিলাগৰাকীক দোষী সাব্যস্ত কৰি মৰিয়াই মৰিয়াই হত্যা কৰা হয় ৷
ইয়াৰ উপৰিও চলিত বৰ্ষৰে 21 মে’ত বাক্সা জিলাৰ বগৰীবাৰীত ক’লাযাদুৰে জড়িত থকাৰ সন্দেহত গাঁওবাসীয়ে 50 বৰ্ষীয় বীৰেন বড়ো নামৰ এগৰাকী ব্যক্তিক হত্যা কৰে ৷ তথ্য অনুসৰি অসমত 2001 চনৰ পৰা 2019 চনলৈ 161 গৰাকী লোকক ডাইনীৰ সন্দেহত তথা অন্য ক’লাযাদুৰে জড়িত থকাৰ সন্দেহত হত্যা কৰা হয় ৷ 2001ৰ পৰা এই সন্দৰ্ভত মুঠ 133 টা গোচৰ ইতিমধ্যে ৰুজু কৰা হৈছে ৷
2018 চনৰ পৰা ৰাজ্যত ‘ডাইনী হত্যা (নিষেধ, নিবাৰণ আৰু সুৰক্ষা) আইন (Assam Witch Hunting (Prohibition, Prevention and Protection Act) কাৰ্যকৰী কৰা হয় ৷ এই আইনৰ অধীনত এই অভিযোগত দোষী সাব্যস্ত হোৱা লোকক 50,000ৰ পৰা 5,00,000 টকা পৰ্যন্ত জৰিমাণা বিহাৰ উপৰিও গুৰুতৰ শাস্তি প্ৰদান কৰা হয় ৷ ইয়াৰ উপৰিও অসম অৰক্ষীয়ে (Assam Police) মহিলাসকলৰ ডাইনীৰ সন্দেহত হত্যা কৰাৰ পৰা সুৰক্ষিত কৰিবলৈ ‘প্ৰজেক্ট প্ৰহৰী’ (Project Prahari) নামৰ এক অভিযানো আৰম্ভ কৰে ৷
লগতে পঢ়ক- ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজা লোকজন...