মৰাণ, ১৭ আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নতুনকৈ সম্প্ৰসাৰিত মন্ত্ৰীসভাত নতুন দায়িত্ব লাভ কৰাৰ পাছত নতুন দিল্লীত কিছু দিন কটাই গৃহ জিলাত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী(Rameshwar Teli) । মোডীৰ সম্প্ৰসাৰিত মন্ত্ৰীসভাত নতুনকৈ দুটা গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ দ্বায়িত্ব লাভ কৰিছে তেলীয়ে । পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ(Petrolium and natural Gas)ৰ লগতে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়(Ministry of labour and employment)ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে তেওঁ ইতিমধ্যে দায়িত্বভাৰ গ্ৰহণ কৰিছে । যোৱা ৮ জুলাইত কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ সিং যাদৱৰ উপস্থিতিত শ্ৰম ভৱনত দায়িত্বভাৰ গ্ৰহণ কৰে ডিব্ৰুগড় লোকসভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে ।
ইয়াৰ পাছতে তেওঁ ১ মাহৰো অধিক সময় ধৰি নতুন দিল্লীত মন্ত্ৰালয়ৰ কামত ব্যস্ত হৈ থাকে। মঙলবাৰে তেওঁ অসমত উপস্থিত হয় । ডিব্ৰুগড় বিমানবন্দৰত দলীয় কৰ্মকৰ্তাৰ লগতে একাংশ চৰকাৰী বিষয়াই ৰামেশ্বৰ তেলীক ফুলৰ থোপা, ফুলাম গামোচাৰে উষ্ম আদৰণি জনায় । নতুনকৈ লাভ কৰা দ্বায়িত্বৰ বাবে তেওঁক সকলোৱে অভিনন্দন জনায় ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ কেন্দ্ৰীয় কেবিনেটত স্থান লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ২১ আগষ্টত অসমত উপস্থিত হ'ব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ২৪ আগষ্টত মন্ত্ৰী সোণোৱালক গৃহ জিলা ডিব্ৰুগড়ত আদৰণি জনোৱাৰ বাবে ইতিমধ্যে দলীয় কৰ্মকৰ্তাৰ লগতে ডিব্ৰুগড়ৰ বিধায়কসকলে প্ৰস্তুতি আৰম্ভ কৰিছে ।
উল্লেখ্য যে, যোৱা ৭ জুলাইত মোডী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হৈছিল । মুঠ ৪৩ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছিল উক্ত দিনটোত । ইয়াৰে ভিতৰত ৩৬ গৰাকী নতুন । আনহাতে আন ৭ গৰাকী মন্ত্ৰীক বেলেগ মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ।
লগতে পঢ়ক:টিংখাঙত বায়'ফ্লকৰ শুভাৰম্ভণি কৰিলে মন্ত্ৰী বিমল বৰাই